মৰিগাঁও, 7 ছেপ্টেম্বৰ :ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৃহস্পতিবাৰে মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উদযাপন কৰা হৈছে । "নফৰত কা বাজাৰ মে মোহব্বত কা দোকান শীৰ্ষক শ্লোগানৰে 2022 চনৰ ৭ চেপ্তেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰি সম্পূৰ্ণ পাঁচ মাহৰ অন্তত 14 খন ৰাজ্য সামৰি সফল সমাপ্তি পেলায় ৷" এই মন্তব্য কৰে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ৷
বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ কংগ্ৰেছ কমিটি কাৰ্যালয়ৰ পৰা পদযাত্ৰাৰে আহি মৰিগাঁৱৰ বিহুতলীৰ বাকৰিত উদযাপন কৰে ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি । জিলাখনৰ বিহুতলীত ৰূপায়ন কৰা এই কাৰ্যসূচীত ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই ৰাইজক উদ্দেশ্যে কয় যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ইতিমধ্যে কাশ্মীৰ পৰা কন্যাকুমাৰীলৈ সফলভাৱে ৰূপায়ন কৰা এই ভাৰত জোড়ো কাৰ্যসূচী সফল হোৱাত শাসকীয় বিজেপিৰ দলৰ মন্ত্ৰী বিধায়ক, তথা গেৰুৱা বাহিনী শংকিত হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো কাৰ্যসূচী বিফল কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈ সাংসদ পদ খাৰিজ কৰাৰ বাবে উঠিপৰি লাগিছিল যদিও বিফল হয় ।