মৰিগাঁও, 20 জুলাই : মৰিগাঁও জিলাৰ সাত গৰাকী কংগ্ৰেছী জিলা পৰিষদৰ সদস্য সোচ্চাৰ। কাৰ্যতঃ বিগত দহ জুলাইত মৰিগাঁও জিলা পৰিষদৰ কংগ্ৰেছী সভানেত্ৰী মজবুন নাহাৰৰ বিৰুদ্ধে মুঠ তেৰজন সদস্যৰ ভিতৰত বাৰ জন সদস্যই অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ কৰাৰ পাচতে কংগ্ৰেছৰ একাংশ সদস্যৰ বিৰুদ্ধে অব্যাহত আছে ভুৱা প্ৰচাৰ। বিশেষকৈ ধিং বিধান সভা সমষ্টিৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক তথা দলৈ গাঁৱৰ জিলা পৰিসদৰ সদস্য শ্বামীম হাচানৰ বিৰুদ্ধে একাংশই ৰচিছে অপযশ। ইয়াকে লৈ এক সামাজিক মাধ্যমে চলাইছে অপপ্ৰচাৰ।
এই পৰিপ্ৰেক্ষিতত জনমানসত জিলা পৰিসদ সদস্যজনক লৈ অব্যাহত আছে চৰ্চা। সেয়েহে সোমবাৰে জিলা কংগ্ৰেছ ভৱনত এক সংবাদ মেল সম্বোধন কৰি সাত কংগ্ৰেছী সদস্যই ক'লে যে সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে জিলাখনৰ সাতজন কংগ্ৰেছী সদস্যই চহী কৰিছে । এনেক্ষেত্ৰত দলৈগাঁৱৰ সদস্যজনে অভিসন্ধি ৰচনা কৰাৰ যুক্তি থাকিব নোৱাৰে। এইয়া সংশ্লিষ্ট সামাজিক মাধ্যটোৰ ভিত্তি হীন বাতৰি বুলি উল্লেখ কৰে কংগ্ৰেছ সদস্য কেইগৰাকীয়ে। ভৱিষ্যতে ভিত্তিহীন সংবাদ প্ৰচাৰৰ পৰা বিৰত থাকি সংবাদ মাধ্যম আৰু সাংবাদিকৰ গৰিমা অটুত ৰখোৱাৰ আহবান জনালে সদস্যকেইজনে । অন্যথ্যা দলটো আইনৰ দ্বাৰস্থ হ'ব বুলি সংবাদ মেলত সকিয়নী প্ৰদান।