মৰিগাঁও, 12 অক্টোবৰ :সমগ্ৰ দেশজুৰি কৃষি আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন চলি থকাৰ মাজতে মৰিগাঁও জিলাৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ সন্মুখত ভূৰবন্ধা ব্লক কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত কাৰ্যসূচীত AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাৰ সন্দৰ্ভত প্ৰতিবাদকাৰীয়ে কয় যে, কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিত্ৰতা এতিয়াও হোৱা নাই ৷
মৰিগাঁৱত অব্যাহত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী - কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ
মৰিগাঁৱত অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদীস কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীকো সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ৷

মৰিগাঁৱত অব্যাহত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
আনহাতে, দেশত নতুনকৈ প্ৰণয়ন হোৱা কৃষি আইনৰ বিৰুদ্ধে মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ নেতৃত্বই সোচ্চাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত ভূৰবন্ধা ব্লক কংগ্ৰেছৰ উদ্যোগত সোমবাৰে ভূৰবন্ধা উন্নয়ন খণ্ডৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰায় এঘণ্টা প্ৰতিবাদী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে মিছা কথা কোৱা বাবেই ইউটিউবত জনপ্ৰিয়তা কমিছে বুলি মন্তব্য আগবঢ়ায় কংগ্ৰেছৰ নেতৃত্বই ।
লগতে পঢ়ক :SI কেলেংকাৰী সন্দৰ্ভত কি মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানৰ...
TAGGED:
কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ