অসম

assam

ETV Bharat / state

টিকট দিয়া-নিদিয়াটো দলৰ ওপৰত নিৰ্ভৰ কৰে : প্ৰদ্যুৎ বৰদলৈ - MP Pradyut Bordoloi in Booth training

Morigaon Congress Meeting: মৰিগাঁও জিলাৰ কংগ্ৰেছৰ উদ্যোগত বুথৰ সভাপতি সকলৰ প্ৰশিক্ষণ শিবিৰত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়ক ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰি চৰকাৰক সমালোচনা কৰে ।

Training camp of Morigaon Congress
মৰিগাঁও জিলাৰ কংগ্ৰেছৰ উদ্যোগত প্ৰশিক্ষণ শিবিৰ

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 6:08 PM IST

মৰিগাঁও জিলাৰ কংগ্ৰেছৰ উদ্যোগত প্ৰশিক্ষণ শিবিৰ

মৰিগাঁও, ২৬ ডিচেম্বৰ: আগন্তুক লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছে । শাসকীয় দলটোৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়কে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি লোকসভা নিৰ্বাচনৰ বাবে দলীয় ভেঁটি শক্তিশালী কৰাৰ বাবে অভিযান চলাইছে । সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছেও চলাইছে অভিযান । দলটোৱে বুথ পৰ্যায়ৰ সভাপতি সন্মিলন আৰু বুথ পৰ্যায়ৰ এজেণ্ট সকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি দলীয় কৰ্মী সকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে চেষ্টা চলাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ইয়াৰ মাজতেই মঙলবাৰে মৰিগাঁও জিলাতো আয়েজন কৰা হয় বুথৰ সভাপতি সকলৰ প্ৰশিক্ষণ শিবিৰ ।

কংগ্ৰেছ দলৰ বুথ পৰ্যায়ৰ পৰাই কৰ্মীসকলক দলীয় ৰণকৌশল আয়ত্বৰ বাবে মৰিগাঁৱত জিলা পৰ্যায়ত প্ৰশিক্ষণৰ আয়োজন কৰা হয় । আগন্তুক লোকসভা নিৰ্বাচনত যাতে বিজেপিক পৰাজয় কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰিছে এই প্ৰশিক্ষণ । আজি এইদৰে মন্তব্য কৰিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰি তেওঁ কয়," মই সমষ্টিটোৰ সাংসদ হিচাপে দলৰ ওচৰত প্ৰাৰ্থিত্বৰ দাবী কৰিছো । আনসকলেও কৰিছে । টিকট দিয়া নিদিয়াটো দলৰ ওপৰত নিৰ্ভৰশীল ।

মৰিগাঁও জিলাৰ কংগ্ৰেছৰ উদ্যোগত বুথৰ সভাপতি সকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । মঙলবাৰে মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত মৰিগাঁও,লাহৰীঘাট, জাগীৰোড সমষ্টিৰ বুথ পৰ্যায়ৰ এজেণ্ট আৰু বুথৰ সভাপতি সকলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে । মৰিগাঁও ক্ষীৰোদ ভৱনত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়ক ৰকিবুল হুছেইন, শিৱামনি বৰা, ববিতা শৰ্মা উপৰি কেইবাগৰাকী প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষনেতা । এই প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ চামগুৰিৰ বিধায়ক তথা কংগ্ৰেছ দলৰ উপ-দলপতি ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে ।

12 বছৰজোৰা এক প্ৰক্ৰিয়া সফল সমাপ্তিৰ দিশে; 29 ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা-ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি

For All Latest Updates

ABOUT THE AUTHOR

...view details