লাহৰীঘাটত কংগ্ৰেছ - এ আই ইউ ডি এফৰ দুই সহস্ৰাধিক লোকৰ অগপত যোগদান - অগপ সদস্য ভৰ্তি অভিযান
অব্যাহত আছে অসম গণ পৰিষদৰ সদস্য ভৰ্তি অভিযান ৷ লাহৰীঘাটত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দুই দুই সহস্ৰাধিক সদস্যৰ অগপত যোগদান ৷
![লাহৰীঘাটত কংগ্ৰেছ - এ আই ইউ ডি এফৰ দুই সহস্ৰাধিক লোকৰ অগপত যোগদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4443241-thumbnail-3x2-agp---copy.jpg)
লাহৰীঘাটত কংগ্ৰেছ - এ আই ইউ ডি এফৰ দুই সহস্ৰাধিক লোকৰ অগপত যোগদান
লাহৰীঘাট, 15 চেপ্তেম্বৰঃ 2021 চনৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াৰ পৰাই কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদে ৷ ব্যাপক ৰূপত অব্যাহত আছে সদস্য ভৰ্তি অভিযান ৷ শনিবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত তুলসীবড়ী গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা অগপৰ সদস্য ভৰ্তি অভিযানত দলটোত প্ৰায় দুই সহস্ৰাধিক সদস্যই যোগদান কৰে ৷ উল্লেখ্য যে, যোগদান কৰা সদস্য সকল এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ আছিল বুলি জানিব পৰা গৈছে ৷
লাহৰীঘাটত কংগ্ৰেছ - এ আই ইউ ডি এফৰ দুই সহস্ৰাধিক লোকৰ অগপত যোগদান