মৰিগাঁৱত ,12 এপ্ৰিল : মৰিগাঁৱত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ চলায় নিৰ্বাচনী প্ৰচাৰ ৷ ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত পাঁচখন আসনতে বিজেপি দলৰ প্ৰাৰ্থী বিজয়ী হ'ব বুলি দাবী মুখ্যমন্ত্ৰীগৰাকীৰ ৷
অস্তিত্বৰ সংকটত কংগ্ৰেছ দল-মুখ্যমন্ত্ৰী সোণোৱাল - মুখ্যমন্ত্ৰী
'হু ইজ বদৰুদ্দিন' বুলি মন্তব্য কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দলটোৰ ৰক্ষাৰ স্বাৰ্থত বদৰুদ্দিনৰ ওচৰত আত্মসমৰ্পন কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
নিৰ্বাচনী সভাত প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ সমালোচনাত সৰৱ মুখ্যমন্ত্ৰীগৰাকীয়ে অস্তিত্ব সংকটত ভোগা কংগ্ৰেছ দলে বদৰুদ্দিনৰ শৰণাপন্ন হৈছে বুলিও মন্তব্য কৰে ৷ সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত পাঁচখন আসনতে বিজেপি দলৰ প্ৰাৰ্থী বিজয়ী হ'ব বুলি দাবী কৰাৰ লগতে এইবাৰ ৰঙালী বিহুৱে অসমীয়া জনজীৱনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুনত্ব কঢ়িয়াই আনিব বুলি মন্তব্য কৰে ৷সভাত মুখ্যমন্ত্ৰীৰ উপৰিও মন্ত্ৰী পীয়ুষ হাজৰিকা , তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা ,মৰিগাঁও পৌৰপতি অৰ্চনা বৰদলৈ ,অগপৰ নেতা শান্তনু শৰ্মা, বিজয়া চক্ৰৱৰ্তী আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত আছিল ।