মৰিগাঁও,৭ মে':অসমৰ দুটা সংগঠনৰ মাজত সংঘাত আৰম্ভ হৈছে (Clash between two organisations of Assam)। সংগঠন দুটা ক্ৰমে অসমীয়া যুৱ মঞ্চ আৰু সদৌ অসম নাথ-যোগী যুৱ পৰিষদ । অসমীয়া যুৱ মঞ্চৰ দুই নেতাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাথ-যোগী যুৱ পৰিষদে এজাহাৰো দাখিল কৰিছে । সদৌ অসম নাথ যোগী যুৱ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়েও মৰিগাঁও থানাত এজাহাৰ দাখিল কৰিছে ।
অভিযোগ অনুসৰি অসমীয়া যুৱ মঞ্চৰ (Asomiya Yuva Manch) দুই নেতা ক্ৰমে দিপাংকৰ নাথ আৰু আকাশ শইকীয়াই নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথৰ গামোচা বিৰ্তকক লৈ সামাজিক মাধ্যমত বিস্ফোৰক মন্তব্য কৰিছিল । কৰিশ্মা নাথক ৰাজহুৱা স্থানত শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ কথাও কৈছিল দুই নেতাই । আনকি অসমীয়া যুৱ মঞ্চৰ দুই নেতাই প্ৰাদেশিক যোগী সন্মিলনী, সদৌ অসম নাথ-যোগী যুৱ পৰিষদ,সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাক পাবত গজা সংগঠন আৰু নিশাৰ ভিতৰতে গঢ় লৈ উঠা সংগঠন বুলিও টুলুঙা মন্তব্য কৰিছিল । যাৰবাবে নাথ-যোগী জনগোষ্ঠীটোৰ সংগঠনসমূহ জাঙুৰ খাই উঠিছে ।
লক্ষীমপুৰ জিলাৰ দীপাংকৰ নাথৰ বিৰুদ্ধে অসমৰ প্ৰায়বোৰ জিলাতে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে নাথ-যোগীৰ সংগঠনসমূহে (FIR against Asomiya Yuva Manch leader)। শনিবাৰে সদৌ অসম নাথ-যোগী যুৱ পৰিষদৰ (Assam Nath Jogi Parishad) মৰিগাঁও জিলা সমিতিৰ সভাপতি নিতুমনি নাথ আৰু সম্পাদক অমৰজ্যোতি নাথে সংগঠনটোৰ বিষয়-ববীয়াসকলক লগত লৈ মৰিগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ।