মৰিগাঁও, 10 জুন :মৰিগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি ৷ পথৰ বাবে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী অধীক্ষক পথ মেৰামতি কৰি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান । আৰক্ষী আৰু স্হানীয় একাংশ ৰাইজৰ মাজত সৃষ্টি হয় এই বাক বিতণ্ডাৰ (Tense situation in Morigaon) ৷
ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, নিশা মৰিগাঁও ঔজাৰিত আৰক্ষী আৰু স্হানীয় একাংশ ৰাইজৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । জেচিবি আৰু ডাম্পাৰেৰে নৱ নিৰ্মিত পথৰে মাটিৰ গাড়ী কঢ়িওৱাক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ মাটি খন্দা তথা গাড়ীৰে কঢ়িওৱাক কেন্দ্ৰ কৰি ক্ষুণ্ণ হৈ পৰি স্থানীয় ৰাইজ ৷ উল্লেখ্য যে, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নৱনিৰ্মিত ভৱনটোত মাটি পূৰণৰ বাবে ঔজাৰীস্থিত আৰক্ষী সংৰক্ষিত ভূমিৰ পৰা নিশা জেচিবিৰে মাটি খান্দি ড্ৰাম্পাৰৰ সহায়ত নিবলৈ ধৰোতে স্থানীয় ৰাইজে বাধা প্ৰদান কৰে । ইয়াৰ পিচতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি (Clash between in police and public ) ৷