অসম

assam

By

Published : Mar 29, 2022, 12:00 PM IST

ETV Bharat / state

দুৰ্নীতিৰে অভিলেখ গঢ়া আজাৰুদ্দিন ছাৰ চি আই ডিৰ জালত

চি আই ডিৰ জালত মৰিগাঁও জিলা নিজ লোকাকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আজাৰুদ্দিন (Headmaster arrested accused of corruption) ৷ সোমবাৰে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় শিক্ষকজনক ৷ তথ্য অনুসৰি, বিভিন্ন কেলেংকাৰীৰ গোচৰৰ অভিযোগত অভিযুক্ত আছিল প্ৰধান শিক্ষক আজাৰুউদ্দিন ৷

CID arrests a headmaster accused of corruption in Morigaon
গুৱাহাটীত গ্ৰেপ্তাৰ মৰিগাঁৱৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক

মৰিগাঁও, 29 মাৰ্চ :চি আই ডিয়ে আটক কৰিছে ৷ সোমবাৰে চিআইডিয়ে গ্ৰেপ্তাৰ কৰা শিক্ষকজন হৈছে আজাৰুউদ্দিন (CID arrests a headmaster accused of corruption) । জানিব পৰা মতে, আজাৰুউদ্দিন মৰিগাঁৱৰ নিজ লোকাকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷

প্ৰাপ্ত তথ্য অনুসৰি, বহু কেলেংকাৰীৰ অভিযোগ আছিল প্ৰধান শিক্ষক আজাৰুউদ্দিনৰ বিৰুদ্ধে । আনকি টেটৰ প্ৰমাণ পত্ৰ জালিয়াতি (TET Certificate fraud case) সংক্ৰান্তীয় এক গোচৰৰ অভিযোগত অভিযুক্ত আছিল নিজ লোকাকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী ৷ এই ঘটনাৰ অনুসন্ধান চলাই চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিবৰ বাবে কেইবাদিনো মৰিগাঁৱত বাহৰ পাতিছিল ৷

গুৱাহাটীত গ্ৰেপ্তাৰ মৰিগাঁৱৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক

গ্ৰেপ্তাৰ হোৱাৰ আগতীয়া উমান পাই শিক্ষক জনে এমাহৰ চিকিৎসাজনিত ছুটি বিচাৰিছিল যদিও তেওঁৰ চুটি মঞ্জুৰ কৰা নাছিল বিভাগীয় কৰ্তৃপক্ষই ৷ কিয়নো শিক্ষকজনে বিভাগীয় কৰ্তৃপক্ষক দেখুৱাব পৰা নাছিল স্বাস্থ্য সমস্যা সম্পৰ্কীয় সঠিক নথি-পত্ৰ ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে মৰিগাঁও জিলাৰ শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলী গগৈ ভূঞাই ।

অৱশেষত বিভিন্ন অভিযোগৰ ভিত্তিত সোমবাৰে গুৱাহাটীৰ পৰা চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে প্ৰধান শিক্ষক আজহাৰউদ্দিনক (Azharuddin arrested by CID) । ইফালে প্ৰধান শিক্ষকগৰাকীক গ্ৰেপ্তাৰ হোৱাৰ খবৰ পোৱাৰ পাচতে তৎপৰ হৈছে বিভাগীয় কৰ্তৃপক্ষও ৷ শীঘ্ৰে মৰিগাঁৱৰ নিজ লোকাকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আজহাৰউদ্দিনক নিলম্বন কৰাৰ কথা ঘোষণা কৰে মৰিগাঁও জিলাৰ শিক্ষা বিষয়া বুলী গগৈ ভূঞাই ৷

উল্লেখ্য যে, চিআইডিয়ে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :মহানগৰ আৰক্ষী জালত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা প্ৰৱঞ্চক

ABOUT THE AUTHOR

...view details