অসম

assam

By

Published : Mar 22, 2023, 9:19 PM IST

ETV Bharat / state

Childrens programme at Marigaon: মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত শিশু সমাৰোহ

মৰিগাঁও জিলাত শিশু সমাৰোহ সম্পন্ন । মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এই সমাৰোহৰ (Morigaon District Education Department)। ইয়াৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় বিভিন্ন প্ৰতিযোগিতাৰ ।

Childrens programme in Marigaon
মৰিগাঁও জিলাত শিশু সমাৰোহ সম্পন্ন

মৰিগাঁও জিলাত শিশু সমাৰোহ সম্পন্ন

মৰিগাঁও, ২২ মার্চ:ছাত্র-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে মৰিগাঁও জিলাত শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ (Special programme for students in Marigaon)। মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক শিশু সমাৰোহ । এই শিশু সমাৰোহত বিভিন্ন প্ৰতিযোগিতাৰ মাধ্যমৰে শতাধিক ছাত্র-ছাত্ৰীৰ প্ৰতিভা বিকাশ কৰাৰ প্ৰয়াস চলোৱা হয় (Childrens programme in Marigaon)।

মৰিগাঁৱত বুধবাৰে জিলা ভিত্তিক শিশু সমাৰোহৰ আয়োজন কৰা হয় । মৰিগাঁও জিলা সমগ্ৰ শিক্ষাৰ বিশেষ প্ৰশিক্ষণ আচঁনিৰ অন্তৰ্গত তিনিটা আৱাসিক আৰু ৭৩টা অনা আৱাসিক, ঋতু কালীন বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ পাঁচ শতাধিক ছাত্র ছাত্রীক সামৰি আয়োজন কৰা হয় এই শিশু সমাৰোহৰ । মৰিগাঁও গান্ধীভৱন প্ৰেক্ষাগৃহত জিলা ভিত্তিক শিশু সমাৰোহখনি অনুস্থিত হয় । উক্ত সমাৰোহত বিশেষ কেন্দ্ৰ সমূহৰ ছাত্র-ছাত্রীৰ মাজত চিত্রাংকন, কবিতা আবৃত্তি, নৃত্য, গীত, খেল-ধেমালি আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

আনহাতে, উক্ত কেন্দ্ৰ সমূহত শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত হাইস্কুল, হাই মাদ্ৰাছা, উচ্চতৰ মাধ্যমিক আদিৰ দৰে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রী সকলক মৰিগাঁও জিলা উপায়ুক্ত দেৱাষিক শৰ্মা, জিলা শিক্ষা বিষয়া বুলী গগৈ ভূঞা, জিলা শিক্ষা বিভাগ আৰু সৰ্বশিক্ষা অভিযানৰ আঁচনি বিষয়া ক্ৰমে ৰোহিনী কুমাৰ দত্ত, ৰাজেন গোস্বামী, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মনমোহন ৰাজবংশীৰ লগতে ৮গৰাকী জিলা মানৰক্ষকৰ উপস্থিতিত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । লগতে বিভিন্ন প্ৰতিযোগিতা সমূহত পাৰদৰ্শীতা দেখুওৱা ছাত্র ছাত্রী সকলক পুৰস্কৃত কৰে ।

উল্লেখ্য় যে, এই মধ্যস্থতাকাৰী ব্যৱস্থাত বিদ্যালয়লৈ নোযোৱা ১১ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰসমূহত সম্পূৰ্ণ ৰূপে ঘৰুৱা পৰিৱেশত পৰিচালিত কৰি শিক্ষা প্ৰদান কৰা হয় । এই ব্যৱস্থাৰ জৰিয়তে শিশু বিশেষকৈ শিশু শ্ৰমিক আদিক তেওঁলোকৰ বয়স সাপেক্ষে শ্ৰেণীত নামভৰ্তিৰ সুযোগ প্ৰদান কৰি সময়ত তেওঁলোকক মূলসূঁতিৰ ছাত্ৰ-ছাত্ৰীলৈ ৰূপান্তৰিত কৰাটোৱেই এই ব্যৱস্থাৰ মূল উদ্দেশ্য বুলি কোৱা হয় । এই বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে ইতিমধ্য়ে বহুতো শিশু উপকৃত হৈছে ।

লগতে পঢ়ক:Kashmir Earthquake: কাশ্মীৰত ভূমিকম্প, কেনে আছে অভিনেতা বিজয় আৰু লিঅ’ ছবিখনৰ বাকী সদস্য, জনালে নিৰ্মাতাই

ABOUT THE AUTHOR

...view details