ধিং, 28 ছেপ্টেম্বৰ: লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় স্থানান্তৰক লৈ কৰ্মী সহায়িকাৰ মাজত লাগিছে হাহাকাৰ (Child Development Project office relocated)। লাহৰীঘাট সমষ্টিৰ বিধায়কে কথা দি কথা ৰাখিব নোৱাৰিলে । যাৰ বাবে উপায়হীন হৈ লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াগৰাকীয়ে স্থানান্তৰ কৰিলে কাৰ্যালয়টো । যোৱা কিছুদিন পূৰ্বে বিধায়ক আচিফ মহাম্মদ নাজাৰে বিষয়াগৰাকীক কথা দিছিল কাৰ্যালয়ৰ যাৱতীয় সা-সুবিধা ঠিক-ঠাক কৰি দিব ৷ কিন্তু দুমাহ অতিক্ৰম কৰাৰ পাছতো কাৰ্যালয়টো ঠিক-ঠাক কৰি নিদিলে । এই অভিযোগ কাৰ্যালয়টোৰ কৰ্মী সহায়িকাৰ ৷
ইফালে মঙলবাৰে কাৰ্যালয়টোৰ আচবাব পত্ৰকে ধৰি সকলো সা-সামগ্ৰী কোনো কৰ্মী, সহায়িকাক অৱগত নকৰি দিনৰ ১ বজাত প্ৰকল্প বিষয়াৰ নিৰ্দেশমৰ্মে কাৰ্যালয়ৰ গাণনিক বিষয়া ৰণ্টু ঠাকুৰীয়াই ট্ৰাকত ভড়াই উঠাই লৈ যায় আন এটা ভাড়াঘৰলৈ ।
লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ স্থানান্তৰক লৈ প্ৰতিক্ৰিয়া অভিযোগ অনুসৰি কৰ্মী সহায়িকাক অৱগত নকৰাকৈয়ে কাৰ্যালয়টো লাওভুৰংঙালৈ স্থানান্তৰিত কৰে । অভিযোগ অনুসৰি, কাৰ্যালয়ৰ স্থানান্তৰিত কৰাৰ বিষয়ে অৱগত নহয় কৰ্মীসকল । কি কাৰণে লাওভুৰুংগালৈ লৈ গ’ল তাকলৈও জ্ঞাত নহয় এইসকল কৰ্মী ৷ আনহাতে প্ৰকল্প বিষয়াগৰাকীয়ে জনোৱা মতে, কাৰ্যালয়টোৰ ভিতৰত সকলোৱে বিভিন্ন অসুবিধাৰ সন্মূখীন হ’ব লগা হয় । কেৱল এয়াই নহয় এটা কাৰ্যালয় চলাবলৈ যিখিনি সা-সুবিধা লাগে তাৰ তিলমানো নাই এই কাৰ্যালয়টোত ।
ইয়াৰ বিপৰীতে কৰ্মী সকলে উল্লেখ কৰা অনুসৰি বৰ্তমানৰ বিষয়াগৰাকী যোগদান কৰাৰ পূৰ্বতে থকা অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ তেনে কোনো অভিযোগ নাছিল । একমাত্ৰ এইগৰাকী বিষয়াই বিভিন্ন অজুহাতেৰে কাৰ্যালয়টি লাওভুৰংঙালৈ উঠাই নিয়ে । ইফালে কাৰ্যালয়টো লাউভুৰংঙালৈ উঠাই নিয়াত চৰ চাপৰিকে ধৰি লাহৰীঘাট সমষ্টিৰ উত্তৰ পশ্চিম দিশৰ অংগনৱাড়ী কৰ্মীসকলে যথেষ্ট অসুবিধাৰ সন্মূখীন হ’ব লগাত পৰিব বুলি উল্লেখ কৰিলে কৰ্মীসকলে ।
লগতে পঢ়ক:চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত ধেমাজিত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী