মৰিগাঁও, 2 জুন : মঙলবাৰে মৰিগাঁৱত উপস্থিত হৈ জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ মৰিগাঁও আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত জিলা উপায়ুক্ত সীমা ৰেখা ভূঞাৰ পৰা জিলাখনৰ সামগ্ৰীক পৰিস্থিতিৰো বুজ লয় মুখ্য সচিবগৰাকীয়ে ৷
ইয়াৰ উপৰিও মুখ্য সচিব গৰাকীয়ে জিলাখনত ক’ভিড বিধি প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত কঠোৰ আৰু সতৰ্ক হোৱাৰ নিৰ্দেশ দিয়ে ৷ তাৰোপৰি কোৱাৰেণ্টাইন জ’নত থকা লোকসকলৰ ক্ষেত্ৰত চৰকাৰী সাহায্য বিতৰণৰো বুজ লয় ৰাজ্যৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷
মৰিগাঁৱত মুখ্য সচিব জিষ্ণু বৰুৱাৰ জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক উল্লেখ্য যে, মৰিগাঁও জিলা আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকতে আগন্তুক দিনত জিলাখনৰ বান পৰিস্থিতিক কেনেদৰে মোকাবিলা কৰি জিলাবাসীক নিৰাপদে ৰাখিব পাৰে এই সন্দৰ্ভতো আলোচনা কৰে ।
মঙলবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত গৰ্গৰাম দাসৰ উপৰি আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনো উপস্থিত থাকে ।
লগতে পঢ়ক : কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে অখিল গগৈয়ে