ধিঙ, 10 ডিচেম্বৰ:চৰকাৰী খণ্ডৰ শিক্ষাৰ্থী সকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্য প্ৰতি বছৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে আয়োজিত হৈ অহা মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাৰ 2019 বৰ্ষৰ ফলাফল অলপতে ঘোষণা কৰা হয় ৷ সদ্যঘোষিত ফলাফলত আশানুৰূপ ফলাফল লাভ কৰাত সন্তুষ্টি প্ৰকীশ কৰিছে মৈৰাবাৰী এম ই মাদ্ৰাছাৰ সমূহ শিক্ষাগুৰুয়ে ৷
উক্ত পৰীক্ষাত মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত মৈৰাবাৰী এম ই মাদ্ৰাছাৰ পৰা অৱতীৰ্ণ হোৱা মুঠ 20 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰতি গৰাকীয়েই সফল হোৱাত উত্তীৰ্ণ পৰীক্ষাৰ্থী সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এখনি বিশেষ সভা অনুষ্ঠিত কৰা হয় ৷
ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ ক'ভিড নিৰ্দেশনা মানি আয়োজন কৰা এই সভাত সভাপতিত্ব কৰে প্ৰধান শিক্ষক হিবজুৰ ৰহমান খানে ৷ শিক্ষক, ছাত্ৰ ছাত্ৰী, আৰু অভিভাৱকৰ পূৰ্ণ সহযোগিতাৰ বাবে এনে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰধান শিক্ষক গৰাকীয়ে মন্তব্য কৰে ৷