অসম

assam

ETV Bharat / state

গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ উদ্য়োগত ৰাজ্যজুৰি প্ৰতাৰণা দিৱস - গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদ

শীঘ্ৰে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে আগন্তুক ২০২১ চনৰ নিৰ্বাচনত এসেকা দিয়া হ'ব ৷ এই সকীয়নি গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ ।

Cheating Day on the initiative of the Gariya-Mariya Desi jatiya parishad
গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ উদ্য়োগত প্ৰতাৰণা দিৱস

By

Published : Aug 19, 2020, 10:33 PM IST

মৰিগাঁও,19আগষ্টঃ গেৰুৱা বাহিনীৰ চৰকাৰখনে ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীটোক কেৱল প্ৰতাৰণা কৰিছে। শীঘ্ৰে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে আগন্তুক ২০২১ চনৰ নিৰ্বাচনত এসেকা দিয়া হ'ব ৷ এই সকীয়নি গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ । আজি সংগঠনটোৰ উদ্যোগত মৰিগাঁৱত পালন কৰা হয় প্ৰতাৰণা দিৱস ৷ প্ৰতাৰণা দিৱসত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ উত্তাল কৰি তোলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদ ৷

গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ উদ্য়োগত প্ৰতাৰণা দিৱস

ইপিনে দুঘণ্টাজোৰা এই অৱস্থান ঘৰ্মঘট কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে বি টি এডিত থকা গৰীয়া-মৰীয়া জনগোষ্ঠীটোৰ সুকীয়া জৰীপ আৰু উন্নয়নৰ নামত আবণ্টিত ধন ব্যৱহাৰ নকৰাৰ অভিযোগ কৰে সংগঠনটোৱে ৷ আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীত জিলাখন আছু, AJYCP, আক্ৰাছুকে ধৰি বহুকেইটা জাতীয়তাবাদী সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰি শীঘ্ৰে জনগোষ্ঠীটোৰ দাবীক সমৰ্থন জনাবলৈ চৰকাৰক দাবী জনায় ।

উল্লেখযোগ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে প্ৰতীকী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

লগতে পঢ়কঃগান্ধী পৰিয়ালৰ বাহিৰৰ এজন হওঁক কংগ্ৰেছৰ অধ্যক্ষ: প্ৰিয়ংকাৰো সহমত

ABOUT THE AUTHOR

...view details