অসম

assam

ETV Bharat / state

মৰিগাঁৱত বানাক্ৰান্তক সাহাৰ্য দিয়াৰ নামত প্ৰবঞ্চনা - মৰিগাঁৱত বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচয় দি বানাক্ৰান্তক সাহায্য দিয়াৰ নামত মহিলাক প্ৰবঞ্চনা

মৰিগাঁৱৰ বাখৰবড়ীত উত্তেজনা । মৰিগাঁৱত বিধায়কৰ ঘনিষ্ঠ বুলি পৰিচয় দি বানাক্ৰান্তক সাহায্য দিয়াৰ নামত মহিলাক প্ৰবঞ্চনা৷ জিয়াৰু ৰহমান ওৰফে বেল নামৰ প্ৰৱঞ্চকক ৰাইজৰ লপা থপা৷

বানাক্ৰান্তক সাহাৰ্য্য দিয়াৰ নামত প্ৰবঞ্চনা

By

Published : Aug 17, 2019, 11:27 AM IST

মৰিগাঁও, 17 আগষ্টঃ মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু তেওঁৰ ব্যক্তিগত সহায়কৰ নাম লৈ বানাক্ৰান্তক ক্ষতি পূৰণ দিয়াৰ প্ৰলোভন দিয়া প্ৰবঞ্চকক ৰাইজৰ উত্তম মধ্যম। জিয়াৰু ৰহমান ওৰফে বেল নামৰ প্ৰৱঞ্চকে বাখৰবড়ী গাঁৱত বানাক্ৰান্ত লোকক ক্ষতি পূৰণ দিয়াৰ নামত দুহেজাৰ এশ পঞ্চাশ টকাকৈ সংগ্ৰহ কৰিছিল । ৰাইজক চেন্ট্ৰেল বেংকত একাউন্ট খোলাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ জিয়াৰু ৰহমানৰ বিৰুদ্ধে৷

বানাক্ৰান্তক সাহাৰ্য্য দিয়াৰ নামত প্ৰবঞ্চনা

কেৱল সেয়াই নহয় এই সকল সাধাৰণ ৰাইজক ৩০হাজাৰকৈ ক্ষতি পূৰণ দিয়াৰো কথা কৈছিল ৰহমানে৷ পিছে প্ৰৱঞ্চকটোৰ প্ৰকৃত উদ্দেশ্য জানিব পাৰি উত্তেজিত ৰাইজে কৰায়ত্ত কৰাত পৰিৱেশ অধিক উত্তপ্ত হৈ পৰে৷ অৱশেষত ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ প্ৰৱঞ্চকটোক ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায় । ঘটনা সন্দৰ্ভত অধিক তদন্তৰ পিচতহে পোহৰলৈ আহিব প্ৰকৃত সত্য৷

লগতে পঢ়কঃ মৰিগাঁৱত অবৈধ বাংলাদেশীক ডিটেনেচন কেম্পলৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details