অসম

assam

By

Published : Sep 5, 2019, 2:30 AM IST

ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলৰ লাহৰীঘাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন

মৰিগাঁৱৰ লাহৰীঘাটত কেন্দ্ৰীয় চৰকাৰৰ উচচস্তৰীয় প্ৰতিনিধি দলৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন। দেশৰ আন্ত:মন্ত্ৰালয়ৰ সঞ্চালক অমৰ নাথ সিঙৰ নেতৃত্বত অহা বৃহৎ প্ৰতিনিধিৰ দলটোৱে ৰাজ্যৰ শেহতীয়াকৈ হৈ যোৱা প্ৰলয়ংকাৰী বানপানীত বিধ্বস্ত ভাৱে ক্ষতিগ্ৰস্ত হোৱা লাহৰীঘাট অঞ্চলত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয়

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলৰ লাহৰীঘাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন

মৰিগাঁও, 5 ছেপ্তেন্বৰঃ মৰিগাঁৱৰ লাহৰীঘাটত কেন্দ্ৰীয় চৰকাৰৰ উচচস্তৰীয় প্ৰতিনিধি দলৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন। বুধবাৰে মৰিগাঁৱৰ বানাক্ৰান্ত অঞ্চলত বাঁহৰ সাঁকো আৰু ই ৰিক্সাত উঠি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ স্তৰীয় আমোলা বিষয়াই বুজ ল'লে লাহৰীঘাটৰ বানপানীত হোৱা ক্ষয়ক্ষতিৰ। দেশৰ আন্ত:মন্ত্ৰালয়ৰ সঞ্চালক অমৰ নাথ সিঙৰ নেতৃত্বত অহা বৃহৎপ্ৰতিনিধিৰ দলটোৱে ৰাজ্যৰ শেহতীয়াকৈ হৈ যোৱা প্ৰলয়ংকাৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা লাহৰীঘাট অঞ্চলত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয়। উক্ত দলটোৱে লাহৰীঘাট আৰু ভূৰাগাঁও ৰাজহচক্ৰৰ তিনিচুকীয়া, টেঙাগুৰি অঞ্চলৰ ভগ্ন মথাউৰি , বিধ্বস্ত বাট পথ, ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠান, চিকিৎসালয় পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় প্ৰতিনিধি দলটোক পৰিদৰ্শনৰ সময়ত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাকে ধৰি জিলাখনৰ আটাই কেইটা বিভাগৰ মু্ৰব্বী বিষয়া সকলে সংগ দিয়ে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলৰ লাহৰীঘাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন
উল্লেখযোগ্য যে, জিলাখনৰ লাহৰীঘাটত, ভূৰাগাঁও, মায়ং মৰিগাঁৱকে ধৰি পাঁচটা ৰাজহচক্ৰৰ ৪৩৫ খন গাঁও বানৰ কৱলত পৰাৰ বিপৰীতে ৭ লক্ষাধিক লোক আক্ৰান্ত হৈছিল। বুধবাবে এইদলটোক জিলাখনৰ বানপৰিস্হিতিৰ ছবি সহ বিশ্লেষণ আগবঢ়ায় এই পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ দলটোক জিলা প্ৰশাসনৰ ফালৰ পৰা এখনি আঁচনি প্ৰস্তুত কৰা হয়।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details