গণ প্ৰহাৰত ছাদ্দাম হুছেইনৰ মৃত্যু মৰিগাঁও, 25 জুলাই : কঠোৰ গো-সুৰক্ষা আইন প্ৰৱৰ্তনেও ৰাজ্যত ৰোধ কৰিব পৰা নাই গো-ছিণ্ডিকেট ৷ গৰু চোৰক কেন্দ্ৰ কৰি মৰিগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি ৷ মৰিগাঁও জিলাৰ আঁহতগুৰিত গৰু চোৰক কেন্দ্ৰ কৰি সোমবাৰৰ নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল গৰু চোৰৰ ৷
ঘটনা অনুসৰি আঁহতগুৰিৰ এঘৰত সোমবাৰৰ নিশা 6 টা চোৰে গৰু চুৰি কৰিবলৈ যোৱাৰ সময়তে স্থানীয় লোকে হাতে-লোটে ধৰা পেলায় ৷ অৱশ্যে এন্ধাৰৰ সুযোগ লৈ ইয়াৰে তিনিজন পলায় যাবলৈ সক্ষম হয় যদিও আন তিনিজনক স্থানীয় ক্ষোভিত লোকে দ্বাৰা নিৰ্মমভাৱে প্ৰহাৰ কৰে ।
কলিয়া দাস নামৰ স্থানীয় এজন লোকৰ গোহালিৰ পৰা গৰু চুৰি কৰিবলৈ চোৰকেইটাই চেষ্টা চলাইছিল বুলি স্থানীয় লোকে অভিযোগ তোলে । কলিয়া দাসৰ পত্নীয়ে জনোৱা মতে, চোৰকেইটা দেখিয়েই তেওঁ চোৰ চোৰ বুলি জোৰেৰে চিঞৰিবলৈ ধৰে ৷ উক্ত সময়তে কলিয়া দাসে চুবুৰীয়াৰ সহযোগত গৰু চোৰকেইটাক ধৰিবলৈ সক্ষম হয় । অৱশ্যে দুটা গৰু লৈ তিনিটা চোৰ আগেয়ে পলাই যায় ৷
ক্ষোভিত লোকে চোৰকেইটাক প্ৰহাৰ কৰাৰ লগতে গৰু চোৰকেইটাই ব্যৱহাৰ কৰা বাহনখনটো অগ্নিসংযোগ কৰে বুলি জানিবলৈ পৰা গৈছে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত জিলাখনৰ সহকাৰী আৰক্ষী আযুক্ত উপস্থিত হৈ প্ৰহৃত চোৰকেইটাক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় ।
এই গণ প্ৰহাৰত ইতিমধ্যে এজন চোৰৰ মৃত্যু ঘটে বুলি জানিবলৈ পৰা গৈছে ৷ মৃত চোৰটোৰ নাম ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে ৷ আনহাতে চিকিৎসাধীন আন দুটা চোৰ হৈছে বিল্লাল আলী আৰু মিৰাজুল হক ৷ উল্লেখ্য যে, ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী আৰু ৰাইজৰ মাজতো সংঘাতৰ সূত্ৰপাত ঘটে ৷
ৰাইজে অভিযোগ কৰা মতে, উক্ত অঞ্চলত প্ৰায়েই সংঘটিত হৈ আহিছে গৰু চুৰিৰ ঘটনা ৷ কিন্তু ধৰমতুল থানাৰ আৰক্ষীৰ বিৰুদ্ধে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ৰাইজে ৷ ৰাইজে নিজাববীয়াকৈ পহৰাৰ ব্যৱস্থা কৰি চোৰৰ পৰা পশুধনক সুৰক্ষা প্ৰদান কৰিবলগীয়া হৈছে বুলিও উল্লেখ কৰে তেওঁলোকে ৷
লগতে পঢ়ক :Cattle smuggling in Assam: আৰক্ষী থানাত 22 টা গৰাকীবিহীন গৰু