মৰিগাঁও, 27 জুলাই :যীশুখ্ৰীষ্টৰ ধৰ্ম প্ৰচাৰৰ নামত বিহু হুঁচৰিক বিকৃত কৰাৰ অভিযোগ উত্থাপন ৷ সোমবাৰে এই বিষয়ত সহায় নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে মৰিগাঁও থানাত এক গোচৰ ৰুজু কৰে । গুৰুজনাৰ অমৰ সৃষ্টিক খৃষ্টিয়ান মিচনেৰীসকলে বিকৃত ৰূপত উপস্থাপন কৰি ধৰ্ম প্ৰচাৰৰ আহিলা কৰি লোৱা কাৰ্যত ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
সম্প্ৰতি এনে বিষয়ক কেন্দ্ৰ কৰি ৰাজ্য উত্তপ্ত হৈ থকাৰ সময়তে পুনৰ সংঘটিত হৈছে বিহু বিকৃতকৰণৰ আন এক ঘটনা ৷ অসমীয়া জাতিৰ আয়ুসৰেখা সদৃশ বিহুক ৰঞ্জন চুতীয়া নামৰ এজন লোকে বিকৃত ৰূপত উপস্থাপন কৰি খৃষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য ব্যৱহাৰ কৰে ৷ এই সমগ্ৰ দৃশ্যাৱলী ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ হোৱাৰ পিছতে এই কাৰ্যৰ ঘোৰ বিৰোধিতা কৰিছে মৰিগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন সহায়ে ৷