অসম

assam

ETV Bharat / state

এন আৰ চিঃ হাৰাশাস্তিৰ বিৰুদ্ধে মিঞা পৰিষদৰ জোঁৰ সমদল - Mairabari

ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী কৰে মিঞা পৰিষদে

ETV BHARAT

By

Published : May 11, 2019, 9:38 PM IST

মৈৰাবাৰী, 11 মে’: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ভাৰতীয় নাগৰিকক জধে-মধে আপত্তি দাখিল কৰি হাৰাশাস্তি কৰাৰ বিৰুদ্ধে শনিবাৰে মিঞা পৰিসদ অসমে মৈৰাবাৰীত বাহিৰ কৰে এক জোঁৰ সমদল ৷ অসম মিঞা পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু মিঞা যুৱ পৰিষদ, মিঞা ছাত্ৰ পৰিষদৰ সহযোগত মৈৰাবাৰীত বাহিৰ কৰা হয় এই সমদল ৷ ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী কৰে মিঞা পৰিষদে ৷ উল্লেখ্য যে, জধে-মধে আপত্তি দাখিল কৰি শুনানী পৰ্বত অভিযোগকাৰী উপস্থিত নথকাৰ ফলত অসংখ্য লোক হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷ গতিকে এন আৰ চি কৰ্তৃপক্ষই এক ন্যায়সংগত ব্যৱস্থা কৰি এইসকল লোকৰ বিৰুদ্ধে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাৰ দাবী তোলে মিঞা পৰিষদে ৷

এন আৰ চিঃ হাৰাশাস্তিৰ বিৰুদ্ধে মিঞা পৰিষদৰ জোঁৰ সমদল

For All Latest Updates

ABOUT THE AUTHOR

...view details