মৰিগাঁও, ১১ ডিচেম্বৰ: বিটিচি নিৰ্বাচনৰ পিছত এইবাৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ ৰথী মহাৰথীসকল । তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনক লৈ বিজেপিৰ মন্ত্ৰী-বিধায়কে সমষ্টিয়ে সমষ্টিয়ে চলাইছে প্ৰচাৰ অভিযান । বৃহস্পতিবাৰে তিৱা জনগোষ্ঠীয় সাজ পৰিধান কৰি ১৯নং চাৰিপুণীয়া চাবুক ধৰাত নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়িকা আঙুৰলতা ডেকাই ।
জনগোষ্ঠীয় সাজেৰে নাচি বাগি নিৰ্বাচনী প্ৰচাৰ আঙুৰলতাৰ - বিধায়িকা আঙুৰলতা
তিৱা স্বায়ত্ব পৰিষদৰ চাৰিপুণীয়া চাবুক ধৰা সমষ্টিত বৃহস্পতিবাৰে প্ৰচাৰ অভিযান চলালে বিধায়িকা আঙুৰলতা ডেকাই । তিৱা জনগোষ্ঠীয় সাজ পৰিধান কৰি গীত গাই, নৃত্য কৰি বিজেপি মনোনীত প্ৰাৰ্থী মদন দেউৰীৰ হৈ প্ৰচাৰ চলালে বিধায়িকাগৰাকীয়ে ।
বিজেপি মনোনীত প্ৰাৰ্থী মদন দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়িকা আঙুৰলতাই
বিধায়িকা আঙুৰলতা ডেকাৰ নৃত্য-গীতে জীপাল কৰি তুলিলে নিৰ্বাচনী সভা । তিৱা স্বায়ত্ব পৰিষদৰ ১৯নং চাৰিপুণীয়া চাবুক ধৰা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী মদন দেউৰীৰ হৈ প্ৰচাৰ চলাবলৈ গৈ এনেদৰে কঁকাল ঘূৰাই ঘূৰাই নাচিলে বিধায়িকাগৰাকীয়ে । আনহাতে, কংগ্ৰেছৰ নেতাসকলক ধুমকেতু আখ্যা দি কটাক্ষ কৰে বিধায়িকাগৰাকীয়ে । লগতে কংগ্ৰেছৰ প্ৰভাৱ এতিয়া একেবাৰেই নাই বুলিও কয় বিধায়িকা আঙুৰলতা ডেকাই ।
লগতে পঢ়ক:ইউপিপিএলৰ নেতা-কৰ্মীৰ আক্ৰমণকাৰীক উচিত শাস্তিৰ প্ৰদানৰ দাবীৰে সংবাদমেল