অসম

assam

ETV Bharat / state

পল্লৱ দুৱৰাৰ মুক্তিৰ দাবীত প্ৰতিবাদ - CAA protest at Moran

'কা'-বিৰোধী আন্দোলনৰ সক্ৰিয় নেতা পল্লৱ দুৱৰাক গ্ৰেপ্তাৰ কৰা ঘটনাৰ পাচতেই তীব্ৰ প্ৰতিবাদ বামুণবাৰী-লেঙেৰী অঞ্চলত ৷ পল্লৱ দুৱৰা সহ আটকাধীন কেইবাজনক নেতাক শীঘ্ৰে মুক্তি দিয়াৰ দাবী ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ ৷

CAA protester Arrested at Moran,পল্লৱ দুৱৰাৰ মুক্তিৰ দাবীত প্ৰতিবাদ
পল্লৱ দুৱৰাৰ মুক্তিৰ দাবীত প্ৰতিবাদ

By

Published : Feb 25, 2020, 12:57 PM IST

মৰাণ,25 ফেব্ৰুৱাৰীঃ সোমবাৰে মৰাণৰ লেঙেৰী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল 'কা' বিৰোধী আন্দোলনৰ সক্ৰিয় নেতা পল্লৱ দুৱৰাক ৷ পুৱতি নিশা নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাচতেই প্ৰতিবাদত উত্তাল হৈ পৰিছে বামুণবাৰী-লেঙেৰী অঞ্চল ৷

আহোম জাতীয় গণমঞ্চৰ লেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি পল্লৱ দুৱৰাক গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ পাচতে শতাধিক মহিলাই বামুণবাৰীত অৱৰোধ কৰে মৰাণ-নাহৰকটীয়া গড়কাপ্তানি পথ ৷ 'কা' বিৰোধী আন্দোলনৰ আপোচহীন নেতা পল্লৱক নিশা আৰক্ষীয়ে দুৰ্ধৰ্ষ অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আৰু শীঘ্ৰে মুক্তি দিয়াৰ দাবীত প্ৰতিবাদকাৰী সকলে ৰাজপথ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে, বৃহত্তৰ লেঙেৰী অঞ্চলত ৰূপায়িত বিভিন্ন 'কা' বিৰোধী গণতান্ত্ৰিক আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে নেতৃত্বও দি আহিছিল পল্লৱ দুৱৰাই ৷ ফলত আৰক্ষী-প্ৰশাসনৰ লগতে শাসকীয় দলৰ বাবেও মূৰৰ কামোৰণি হৈ পৰিছিল আহোম গণমঞ্চৰ নেতাজন ৷

পল্লৱ দুৱৰাৰ মুক্তিৰ দাবীত প্ৰতিবাদ

'কা' বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি গ্ৰেপ্তাৰবৰণ কৰা পল্লৱ দুৱৰা হৈছে লেঙেৰী অঞ্চলৰ তৃতীয়গৰাকী নেতা ৷ ইয়াৰ পূৰ্ৱে লেঙেৰীৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু লেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি দেৱজিৎ বৰুৱাক ৷ দুয়ো বৰ্তমানেও ডিব্ৰুগড় জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে ৷

এনেদৰে লেঙেৰী অঞ্চলৰ পৰা ইজনৰ পাছত সিজন 'কা' বিৰোধী আন্দোলনত জড়িত নেতাক পৰিকল্পিতভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যত ক্ষুদ্ধ হৈ পৰিছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ ৷ পল্লৱ দুৱৰা সহ আটকাধীন কেইবাজনক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনায় ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান প্ৰতিবাদী ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details