ধিং,13 জানুৱাৰী :আজি উৰুকা ৷ উৰুকাৰ বাবে ভিন্ন সু-স্বাদু খাদ্যৰ লগতে ভেলাঘৰ, মেজি নিৰ্মাণক লৈ সাজু হৈছে ৰাজ্যবাসী ৷ ৰাজ্যৰ প্ৰতিখন জিলাতে এতিয়া ভিৰ কৰিছেহি অগণন লোকে ৷ ইয়াৰ মাজতে ম'হ গুৱাল সকলৰো ব্যস্ততাৰ এতিয়া অন্ত নাই ৷ ন্যায়ালয়ৰ নিৰ্দেশনা থকাৰ পিছতো পৰম্পৰা আৰু নিজৰ ম'হটোক শান্ত কৰাৰ বাবেই যুঁজাবলৈ সাজু হৈছে ম'হ গুৱাল সকল । ম'হটোক দূৰ-দূৰণিৰ পৰা আনি খাবলৈ দিয়া হৈছে দল ঘাঁহ । পুৱা-গধুলি গা ধুৱাই নিৰোগী কৰিও ৰখা হৈছে ৷ তাৰোপৰি যুঁজাৰু ম'হটোক বিভিন্ন ধৰণে দিয়া হৈছে যুঁজৰ প্ৰশিক্ষণ । যুঁজৰ সময়ত ম'হটো হাৰি নোযাৱাৰ বাবেও গুৱাল সকলে নিতৌ দৌৰাৰ লগতে কলগছ আৰু ওখ মাটিৰ লগত দিছে যুঁজৰ প্ৰশিক্ষণ । এই সকল ম'হ গুৱালক সহায় কৰিছে স্থানীয় ৰাইজেও ।
ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো পৰম্পৰা ৰক্ষাৰ্থে ধিঙত ম'হযুঁজৰ প্ৰস্তুতি - FIGHTS AT DHING
অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ বাবে গ্ৰাম্যাঞ্চলত ভেলাঘৰ নিৰ্মাণ আৰু ঢেঁকীৰ শব্দৰ সমান্তৰালকৈ ম'হ গুৱাল সকলৰো ব্যস্ততাৰ অন্ত নাই । ন্যায়ালয়ৰ নিৰ্দেশনা থকাৰ পিছতো পৰম্পৰা ৰক্ষা আৰু নিজৰ ম'হটোক শান্ত কৰাৰ বাবেই যুঁজাবলৈ সাজু হৈছে ম'হ গুৱাল সকল।
লয়ৰ নিৰ্দেশনাৰ পিছতো পৰম্পৰা ৰক্ষাৰ্থে ধিঙত ম'হযুঁজ