মৰিগাঁও, 28 এপ্ৰিল : মণিপুৰৰ ইম্ফলৰ আইএছবিটিৰ পৰা গুৱাহাটী অভিমুখে আহি ট্ৰাকত মঙলবাৰে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ । MN-01-6991 নম্বৰৰ ট্ৰাকখনত নেলী আৰক্ষী চকীৰ আৰক্ষীয়ে তালাচী কৰাৰ সময়ত জব্দ কৰে 124.07 নিৰিখৰ ব্ৰাউন চুগাৰ ।
মৰিগাঁৱত ট্ৰাকত উদ্ধাৰ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ - ব্ৰাউন চুগাৰ
মঙলবাৰে মৰিগাঁৱত গুৱাহাটী মুখী ট্ৰাকত উদ্ধাৰ 124.07 নিৰিখৰ ব্ৰাউন চুগাৰ ৷ গুৱাহাটীৰ এজন ড্ৰাগছ মাফিয়ালৈ লৈ অনা হৈছিল চুগাৰসমূহ ৷ ট্ৰাকচালক ইলিয়াচ আলী,ৰমিজুদ্দিন আৰু ট্ৰাকচালকৰ পত্নী মাহমুদা বিবিসহ তিনিজনক আটক কৰি দণ্ডাধীশৰ ওচৰত হাজিৰ কৰায় আৰক্ষীয়ে ৷
মৰিগাঁৱত ট্ৰাকত উদ্ধাৰ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ
নেলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়া অনুসৰি,10 টা চাবোনৰ কেচৰ ভিতৰত পলিথিনত ট্ৰাকচালকজনে ভৰাই আনিছিল চুগাৰসমূহ। উল্লেখ্য যে,গুৱাহাটীৰ এজন ড্ৰাগছ মাফিয়ালৈ লৈ অনা হৈছিল জব্দ হোৱা ব্ৰাউন চুগাৰখিনি । আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকচালক ইলিয়াচ আলী,ৰমিজুদ্দিন আৰু ট্ৰাকচালকৰ পত্নী মাহমুদা বিবিসহ তিনিজনক আটক কৰি দণ্ডাধীশৰ ওচৰত হাজিৰ কৰায় ।
লগতে পঢ়ক : লক ডাউনে কেনে প্ৰভাৱ পেলাইছে অসমীয়া ছবি জগতত ?