অসম

assam

ETV Bharat / state

ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ব্ৰাহ্মণ সমাজৰ - hard decision against MLA Romakanta Dewri

বিধায়ক গৰাকীয়ে বৃহস্পতিবাৰে নিশা ব্ৰাহ্মণ সমাজক পুনৰ অপমান কৰাৰ পিচতে জাঙুৰ খাই উঠিছে ব্ৰাহ্মণ সমাজ ৷ বিধায়কৰ পদ পৰা ৰমাকান্ত দেউৰীক খাৰিজ কৰাৰ আহ্বান জনাইছে ব্ৰাহ্মণ সমাজৰ প্ৰতিনিধিসকলে ৷

Brahmin society taken a hard decision against MLA Romakanta Dewri
ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ব্ৰাহ্মণ সমাজৰ

By

Published : Oct 9, 2020, 10:50 AM IST

মৰিগাঁও, 9 অক্টোবৰ:মৰিগাঁৱৰ বহু বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰীয়ে বৃহস্পতিবাৰে নিশা ব্ৰাহ্মণ সমাজক পুনৰ অপমান কৰাৰ পিচতে জাঙুৰ খাই উঠিছে ব্ৰাহ্মণ সমাজ ৷ ইয়াৰ মাজতে প্ৰতিশ্ৰুতি দিয়া অনুসৰি কথা নাৰাখি বিধায়ক ৰমাকান্ত দেউৰীয়ে পুনৰ এবাৰ ব্ৰাহ্মণ সমাজক অপমান কৰাৰ অভিযোগ ব্ৰাহ্মণ সমাজৰ প্ৰতিনিধিৰ ৷ বিধায়ক গৰাকীয়ে লগ দিয়াৰ কথা অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা নিশালৈকে ৰৈ থাকিল ব্ৰাহ্মণ সমাজৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব ৷ কিন্তু সংবাদকৰ্মীক দেখি ব্ৰাহ্মণ সমাজৰ প্ৰতিনিধিৰ সন্মুখেৰে পাৰ হৈ যোৱাৰ পাছতো গাড়ীৰ পৰা নানামিলে বিধায়ক ৰমাকান্ত দেউৰী ৷ বিধায়ক গৰাকীৰ আহ্বান মৰ্মে অপেক্ষা কৰি থকা ব্ৰাহ্মণ সমাজৰ মৰিগাঁও জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া সকলক সাধাৰণ সৌজন্যতা খিনিও প্ৰদৰ্শন নকৰিলে বিধায়ক গৰাকীয়ে ৷ ইয়াৰ পৰিৱৰ্তে বিধায়ক গৰাকী ভোভোৰাই অন্তৰ্ধান হোৱাত অপমানবোধ কৰিছে ব্ৰাহ্মণ সমাজৰ উপস্থিত প্ৰতিনিধিসকলে ৷

ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ব্ৰাহ্মণ সমাজৰ

উপায়ন্তৰ হৈ বিধায়ক ৰমাকান্ত দেউৰীৰ এই অপমানৰ বিৰুদ্ধে এতিয়া কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ব্ৰাহ্মণ সমাজে ৷ ৰাজ্যৰ সকলো জিলা ,আঞ্চলিক সমিতিক অৱগত কৰি পুনৰ গোচৰ তৰিবলৈ নিৰ্দেশ দিয়া হ'ব বুলি সদৰী কৰিলে ব্ৰাহ্মণ সমাজৰ প্ৰতিনিধি সকলে ৷ আনকি বিধায়ক পদৰ পৰা ৰমাকান্ত দেউৰীক খাৰিজ কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ব্ৰাহ্মণ সমাজে ।

উল্লেখনীয় যে, বিধায়ক গৰাকীয়ে নিজেই ব্ৰাহ্মণ সমাজৰ প্ৰতিনিধিক শাৰীৰিক ভাৱে দেখা কৰি বিষয়টোৰ ওপৰত সৌহাদ্যপূৰ্ণ ভাৱে আলোচনাত মিলিত হোৱাৰ কথা দিছিল ৷ যাৰ বাবে মৰিগাঁৱত সমবেত হৈছিল ব্ৰাহ্মণ সমাজৰ জিলা আৰু কেন্দ্ৰীয় সমিতি নেতৃত্ব ৷ কিন্তু উক্ত স্থানত সংবাদ মাধ্যমৰ প্ৰতিনিধি সকল উপস্থিত হোৱাৰ বাবেই ছত্ৰভংগ দিয়ে দাম্ভিক বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

লগতে পঢ়কঃড্ৰাগছৰ ব্যৱসায়ত আশা কৰ্মী !

ABOUT THE AUTHOR

...view details