অসম

assam

ETV Bharat / state

Brahmaputra river erosion: লুইতক ভেটিব কোনে ? - Brahmaputra river erosion brings threat for Mairabari

বিগত ২০১৪ চনৰ পৰা আৰম্ভ হোৱা ভয়াৱহ গৰাখহনীয়াৰ কবলত পৰি লেৰুৱামুখ, ভজাইকাটি আদি গাঁৱৰ লগতে মোৱামাৰী প্ৰাথমিক বিদ্যালয়, চাৰিটাকৈ মছজিদ, হেজাৰ হেজাৰ বিঘা কৃষি ভূমি, বিভিন্ন অনুষ্ঠান আৰু শ শ পৰিয়ালৰ ঘৰ-বাৰী জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত । মৈৰাবাৰীবাসীৰ অস্তিত্ব আৰু জীৱনৰ লগত জড়িত এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়াৰো অভিযোগ উঠিছে (Brahmaputra river erosion brings threat for Mairabari)।

Brahmaputra river erosion
Brahmaputra river erosion

By

Published : Jul 13, 2022, 8:54 PM IST

ধিং, 13 জুলাই : নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া মৌৱামাৰীত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখনীয়াই (Brahmaputra river erosion in Dhing) ৷ ব্ৰহ্মপুত্ৰৰ এই ভয়ংকৰ খৰাখনীয়াই মৰিগাঁও জিলাৰ মৈৰাবাৰী টাউনকে ধৰি সমগ্ৰ অঞ্চলৰ প্ৰায় ৩২ খন ৰাজহ গাঁৱৰ ভৌগোলিক অস্তিত্বৰ প্ৰতি সৃষ্টি কৰিছে তীব্ৰ ভাবুকিৰ (Erosion in Mairabari) ৷ খহনীয়াৰ কালগ্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি লুইতক ভেটিবলৈ ওলাই আহিল শ শ ৰাইজ ।

মৌৱামাৰীত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখনীয়াই

বিগত ২০১৪ চনৰ পৰা আৰম্ভ হোৱা ভয়াৱহ গৰাখহনীয়াৰ কবলত পৰি লেৰুৱামুখ, ভজাইকাটি আদি গাঁৱৰ লগতে, মোৱামাৰী প্ৰাথমিক বিদ্যালয়, চাৰিটাকৈ মছজিদ, হেজাৰ হেজাৰ বিঘা কৃষি ভূমি, বিভিন্ন অনুষ্ঠান আৰু শ শ পৰিয়ালৰ ঘৰ-বাৰী জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত । প্ৰায় তিনি শতাধিক পৰিয়াল সম্পূৰ্ণ ৰূপে গৃহহীন হৈ এতিয়া অঘৰী জীৱন কটাবলৈ বাধ্য হৈছে । বৰ্তমান গৰাখহনীয়াই এনে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যে দৈনিক ১০-১৫ মিটাৰকৈ খহাইছে পাৰ । অতি সোনকালেই মৈৰাবাৰীৰ ৰক্ষাৰ্থে নিৰ্মাণ কৰা ডাঙৰ মথাউৰি জাহ যোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে (Threat of erosion in Dhing)।

যোৱা বছৰৰ পৰাই ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ সূঁতি দক্ষিণ দিশলৈ ধাৱমান হয় । এই সূঁতিৰ জলধাৰাই পোনে পোনে দক্ষিণ দিশত ভয়ংকৰ খহনীয়া অব্যাহত ৰখাত আতংকিত হৈ পৰিছে মৈৰাবাৰীবাসী ৰাইজ । মৈৰাবাৰীবাসী ৰাইজৰ ভৱিষ্যৎ কি হ’ব তাৰ চিন্তাত সকলোৱে যেন দিকবিদিক হেৰুৱাই পেলাইছে । মৈৰাবাৰীবাসীৰ অস্তিত্ব আৰু জীৱনৰ লগত জড়িত এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়াৰো অভিযোগ উঠিছে । গুৰুত্ব দিয়া নাই কোনো এজন জনপ্ৰতিনিধিয়েও ।

বৰ্তমান এক হাহাকাৰময় পৰিস্থিতিৰ মাজত ৰাইজ নিৰুপায় হৈ ওলাই আহিছে বৰলুইতক ভেটিবলৈ ৷ হাতে হাতে কোৰ লৈ মাটি কাটি বস্তাত ভৰাই মৌৱামাৰী গাঁৱৰ খহনীয়া ঠাইত পেলাবলৈ আৰম্ভ কৰিছে জলসম্পদ বিভাগে যোগান ধৰা জিঅ’ বেগত মাটি ভৰাই নদীৰ পাৰত পেলাই খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে ৰাইজে । নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া এই বৃহৎ মথাউৰিটো ৰক্ষা কৰিব নোৱাৰিলে নদীয়ে যিকোনো মূহুৰ্তত এক ভয়ংকৰ ৰূপ ধাৰণ কৰি জনজীৱন বিপন্ন কৰি তুলিব । সেয়ে ৰাইজ মাৰ বান্ধি আহিল লুইতক ভেটিবলৈ ৷

লগতে পঢ়ক :তেজপুৰত দুদিন ধৰি চলিল মৃত ৰোগীৰ চিকিৎসা

ABOUT THE AUTHOR

...view details