মৰিগাঁও, 14 ফেব্ৰুৱাৰী :মৰিগাঁৱত সৃষ্টি প্ৰকাশন উদ্যোগত পবিতৰাহাট প্ৰেক্ষাগৃহত দেওবাৰে কবিতা ৰাণী সিঙৰ সম্পাদনাত ড৹ বসন্ত কুমাৰ গোস্বামীৰ "সমাজ বীক্ষণ" আৰু আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাৰ "চিৰযুগমীয়া ঢৌ তুলি" শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয় ৷ গ্ৰন্থ দুখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰবীণ সাংবাদিক হোমেন বৰগোঁহাঞিয়ে ।
গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে প্ৰখ্যাত ইতিহাসবিদ ড৹ ৰাজেন শইকীয়া আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড৹ বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকে ।