মৰিগাঁও,১১ এপ্ৰিল: সোমবাৰে মৰিগাঁৱৰ সমীপৱৰ্তী নটুৱাগাঁও নেতাজী মধ্য ইংৰাজী বিদ্যালয়ত উন্মোচন কৰা হয় বিদ্যাজ্যোতি নামৰ এখন গ্ৰন্থ (Book launch meeting in Morigaon) । গ্ৰন্থখনি উন্মোচন কৰে মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই (Book launch in Morigaon) । গ্ৰন্থখনি উন্মোচন কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি উপায়ুক্তগৰাকীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে, বিদ্যালয়ত সদায় এক হোৱা দৰে আমি জীৱনত কি কৰিব বিচাৰো তাৰ বাবে আমাৰ মনটো দৃঢ় হ'ব লাগিব ।
লগতে তেওঁ উল্লেখ কৰে যে, উপায়ুক্তগৰাকীও কোনোদিন বিদ্যালয়ত প্ৰথম হোৱা নাছিল (Morigaon DC Debashish Sharma) । কিন্ত ভৱিষ্যতে এজন ভাল নাগৰিক হোৱাৰ সপোন আছিল বাবেই দৃঢ়তাৰে আগবাঢ়ি গৈছিলোঁ বুলি উল্লেখ কৰে শৰ্মাই । ভাষণ প্ৰংসগত বিদ্যালয়খন গঢ় দিয়া স্বনামধন্য ব্যক্তি সকললৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে উপায়ুক্ত গৰাকীয়ে ।
উপায়ুক্তগৰাকীয়ে এটা টুনী চৰাইৰ সাধুৰ প্ৰসংগ উল্লেখ কৰি সৰু সৰু টুনী চৰাইটোৰ লেখীয়াকৈ সৰু সৰু ছাত্ৰ ছাত্রীসকলেও আনে কি কৰিছে তালৈ চকু নিদি নিজে যি কৰিব পাৰি তাত গুৰুত্ব দিলে যিকোনো সমস্য়াৰ মোকাবিলা কৰিব পাৰিব । মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগৰ অৰ্ন্তগত ভূৰবন্ধা প্ৰাথমিক শিক্ষা খণ্ডৰ ভিতৰুৱা নেতাজী মধ্য ইংৰাজী বিদ্যালয়খনত আয়োজিত এই গ্ৰন্থ উন্মোচনী সভাখনিৰ আৰম্ভ কৰা হয় এটি বৰগীত পৰিবেশনৰে ।