অসম

assam

By

Published : May 14, 2021, 2:09 PM IST

ETV Bharat / state

পামবৰীত চিপ লৈ থকা অৱস্থাত ষাঠি বছৰীয়া লোকৰ মৃতদেহ উদ্ধাৰ

বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত পামবৰী গাঁৱত চিপ লৈ থকা অৱস্থাত এজন ষাঠি বছৰীয়া লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

Body of 60-year-old man found carrying chip in Pambari
পামবৰীত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ষাঠি বছৰীয়া লোকৰ মৃতদেহ

মৰিগাঁও,14 মে':মৰিগাঁও লাহৰীঘাটৰ পামবৰীত চিপ লৈ থকা অৱস্থাত এজন ষাঠি বছৰীয়া লোকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত পামবৰী গাঁৱৰ স্থানীয় লোকে যোগেশ্বৰ বৰদলৈ নামৰ লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷

পামবৰীত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ষাঠি বছৰীয়া লোকৰ মৃতদেহ

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে যদিও পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:জাগীৰোডত মহিলাৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

ABOUT THE AUTHOR

...view details