অসম

assam

By

Published : Dec 12, 2020, 8:20 AM IST

ETV Bharat / state

CAA বাতিলৰ দাবীত মৰিগাঁৱত আছুৰ কলা দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো আজি আছুৰ উদ্যোগত কলা দিৱস উদযাপন । উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন নেছুৰ লগতে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় ।

Black day observed by AASU at Morigaon
CAA বাতিলৰ দাবীত মৰিগাঁৱত আছুৰ কলা দিৱস উদযাপন

মৰিগাঁও, 12 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো আজি আছুৰ উদ্যোগত কলা দিৱস ৰূপায়ণৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ । উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে মৰিগাঁৱৰ জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় চৰকাৰৰ অসম বিৰোধী আইনৰ প্ৰতিবাদ । মৰিগাঁও গান্ধীভৱন প্ৰেক্ষাগৃহ চৌহদত কলা পতাকাৰ উৰুৱাই কলা দিৱস পালনেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলা হয় ৷

এই আইন অসম আৰু অসমীয়া মানুহে মানি লোৱা নাই আৰু ভবিষ্যতে মানি নলয় বুলি সকীয়নি প্ৰদান কৰি পুনৰ আছুৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি মন্তব্য কৰে জিলা সম্পাদক দিপুল কুমাৰ নাথে ৷

লগতে পঢ়ক :বিটিচি নিৰ্বাচন : কোনে মাৰিব শেষ হাঁহি ?

ABOUT THE AUTHOR

...view details