অসম

assam

ETV Bharat / state

মৰিগাঁও, শিৱসাগৰত গান্ধী সংকল্প যাত্ৰাৰ সফল সামৰণি - BJP's Sankalpa Yatra latest update

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশত ২ অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে গান্ধী সংকল্প যাত্ৰা। জাতিৰ পিতা গৰাকীৰ নীতি,আদৰ্শ, চিন্তা, ভাৱধাৰাৰ প্ৰচাৰ আৰু প্ৰচলনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিগৰাকী বিজেপি সাংসদৰ নেতৃত্বত সমষ্টিয়ে সমষ্টিয়ে এই যাত্ৰা আৰম্ভ কৰিছিল ৷

গান্ধী সংকল্প যাত্ৰাৰ সফল সামৰণি

By

Published : Oct 30, 2019, 1:45 PM IST

মৰিগাঁও,30অক্টোবৰঃ বুধবাৰে জাগীৰোডত গান্ধীৰ সংকল্প যাত্ৰাৰ সফল সামৰণি। মৰিগাঁও বিজেপিৰ উদ্যোগত আৰম্ভ কৰা এই পদযাত্ৰা জাগীৰোডত সামৰণি পৰে । বুধবাৰে এই পদযাত্ৰাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু চহৰ উন্নয়ন মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকাই । মৰিগাঁৱৰ কুমৈ পৰা আৰম্ভ কৰা এই গান্ধীৰ সংকল্প যাত্ৰাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতাপী বৃটিছক ভাৰতবৰ্ষৰ পৰা অহিংসা নীতিৰে খেদি দেশ স্বাধীন কৰা মহাত্মা গান্ধীৰ আদৰ্শক দেশবাসীৰ মাজত জগাই তুলি দেশাত্মবোধ গঢ়ি তোলাৰ উদ্দেশ্যৰে এই পদযাত্ৰা কৰা হৈছে ।

মৰিগাঁৱত গান্ধী সংকল্প যাত্ৰাৰ সফল সামৰণি

ইফালে, বুধবাৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ নেতৃত্বত শিৱসাগৰ জিলা সদৰৰ ঐতিহাসিক ৰংঘৰৰ সমুখৰ পৰা আৰম্ভ কৰে গান্ধী সংকল্প যাত্ৰাৰ । দলীয় কৰ্মী সকলে বগা সাজ পৰিধান কৰি প্ৰতীকি মহাত্মা গান্ধীক আগত লৈ মহামানৱ জনৰ বিভিন্ন বাণী ঘোষণা কৰি শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰে । ৰংঘৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা নগৰৰ প্ৰায় সকলো অঞ্চলৰ মাজেৰে পাৰ হৈ কালী প্ৰসাদ স্মৃতি ভৱন প্ৰাংগণত অন্ত পৰে ।

শিৱসাগৰত গান্ধী সংকল্প যাত্ৰাৰ সফল সামৰণি

ABOUT THE AUTHOR

...view details