অসম

assam

By

Published : Mar 27, 2021, 4:17 PM IST

ETV Bharat / state

মৰিগাঁৱত বিজেপিৰ সংকল্প পত্ৰ উন্মোচন

বৃহস্পতিবাৰে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি বিজেপিৰ অন্যতম মুখপাত্ৰ ধ্ৰুৱ প্ৰসাদ বৈশ্যই আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰতীয় জনতা পাৰ্টীৰ সংকল্প পত্ৰ ।

মৰিগাঁৱত উন্মোচন হ’ল বিজেপিৰ সংকল্প পত্ৰ
মৰিগাঁৱত উন্মোচন হ’ল বিজেপিৰ সংকল্প পত্ৰ

মৰিগাঁও,27 মাৰ্চ:মৰিগাঁৱত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ল বিজেপিৰ সংকল্প পত্ৰ । বৃহস্পতিবাৰে এক সংবাদ মেল সম্বোধন কৰি গেৰুৱা বাহিনীটোৰ আগন্তুক পৰিকল্পনা আৰু যোজনাৰ বিষয়ে সংবাদ মাধ্যম যোগে সদৰী কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ধ্ৰুৱ প্ৰসাদ বৈশ্যই ।

বৃহস্পতিবাৰে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি ৰাজ্যৰ বিজেপিৰ অন্যতম মুখপাত্ৰ ধ্ৰুৱ প্ৰসাদ বৈশ্যই আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰতীয় জনতা পাৰ্টিৰ ইস্তাহাৰ পত্ৰখন ।

বৃহস্পতিবাৰৰ এই সংকল্প পত্ৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে মৰিগাঁও জিলা সমিতিৰ সভাপতি প্ৰবীণ মেধি, লাহৰীঘাট ব্লক বিজেপিৰ সম্পাদক নিৰ্মল কোঁৱৰ, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য খগেন চন্দ্ৰ বৰদলৈ প্ৰমুখ্যে বিজেপিৰ আগশাৰীৰ নেতাসকল ।

লগতে পঢ়ক:বগা বাবাৰ মাঝাৰত আশীষ গ্ৰহণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details