অসম

assam

ETV Bharat / state

ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবে জ্বলাই দিলে বিজেপি নেতাৰ ঘৰ

অভিযোগ মতে বিষ্ণু ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবেই মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অভিজিৎ ব্ৰহ্ম ওৰফে ৰাণাই এখন বগা ৰঙৰ AS01 BZ-0410 নম্বৰ গাড়ীৰে আহি বিজেপিৰ মণ্ডল সভাপতিগৰাকীৰ ঘৰত আহি এইকাণ্ড সংঘটিত কৰে।

By

Published : Jul 11, 2019, 6:34 PM IST

ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবেই ঘৰ জ্বলালে বিজেপি নেতাৰ

মৰিগাঁও, 11 জুলাইঃ মৰিগাঁৱত ছাত্ৰ নেতাৰ বিৰুদ্ধে বিজেপি নেতাৰ ঘৰ জ্বলাই দিয়াৰ অভিযোগ । বুধবাবে নিশা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ মণ্ডল বিজেপিৰ সভাপতি শংকৰ বসুমতী ঘৰত পেট্ৰ'ল ঢালি অগ্নি সংযোগৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ছাত্ৰ নেতাৰ বিৰুদ্ধে ।

ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবেই ঘৰ জ্বলালে বিজেপি নেতাৰ

অভিযোগ মতে বিষ্ণু ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবেই মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অভিজিৎ ব্ৰহ্ম ওৰফে ৰাণাই এখন বগা ৰঙৰ AS01 BZ-0410 নম্বৰ গাড়ীৰে আহি বিজেপিৰ মণ্ডল সভাপতিগৰাকীৰ ঘৰত আহি এইকাণ্ড সংঘটিত কৰে । ইফালে জুই লগা প্ৰত্যক্ষ কৰি ওচৰ চুবুৰীয়াৰ সহযোগত আৰু অগ্নি নিৰ্বাপক বাহিনী সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় । সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত ৰাণা ওৰফে অভিজিৎ ।

ABOUT THE AUTHOR

...view details