মৰিগাঁও, 5 মে’: দেওবাৰে অসম বিধান সভা নিৰ্বাচনৰ ফলাফলত মৰিগাঁও বিধান সভা সমষ্টিত দ্বিতীয় বাৰৰ বাবে জয় লাভ কৰে ৰমাকান্ত দেউৰীয়ে ৷ কিন্তু ক’ভিডৰ এই ভয়াৱহতাৰ মাজত মনৰ আনন্দ মনতে থ’বলগীয়া হ’ল দেউৰীৰ লগতে বিজেপি সমৰ্থকসকলৰ ৷
ক’ভিড প্ৰটকলৰ বাবে মৰিগাঁও জিলা বিজেপিৰ কাৰ্যলয়ত নিমাও-মাও পৰিবেশে বিৰাজ কৰে । আনন্দ উল্লাসৰ পৰা বঞ্চিত হৈ ঘৰে ঘৰে বন্দী হ’ল বিজেপিৰ নেতা কৰ্মীসকল ।