অসম

assam

ETV Bharat / state

Assam BJP internal clash: ৰমাকান্ত দেউৰীৰ মনতো আছে বঞ্চিত হোৱাৰ অকথ্য বেদনা !

বাদ-বিসম্বাদত জৰ্জৰিত শাসকীয় দল বিজেপি ৷ ৰাজেন গোহাঁইৰ পদত্যাগৰ পিচত এইবাৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিস্ফোৰক বক্তব্যই দলটোত বিভাজন স্পষ্ট কৰি তুলিছে ৷

By

Published : Aug 20, 2023, 1:18 PM IST

Assam BJP internal clash
ৰমাকান্ত দেউৰীৰ মনতো আছে ক্ষোভ

ৰমাকান্ত দেউৰীৰ মনতো আছে ক্ষোভ

মৰিগাঁও, 20 আগষ্ট:দলীয় নেতৃত্বই প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ তুলিছে বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ বিজেপিৰ অন্তঃকন্দল সন্দৰ্ভত এইবাৰ মুখ খুলিলে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । নিজৰ ৰাজনৈতিক গুৰু তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত দিগেন বৰাৰ উদ্ধৃতি দি বিধায়ক দেউৰীয়ে কয়, "যি গজালি মাটি ফুটি ওলায় সেইটোৱে আকাশ ফুটাই দিব পাৰে । যিটো গজালি পাবত গজে সি কেতিয়াও আকাশ ফুটাব নোৱাৰে ।"

ইয়াৰ পৰা এটা কথা স্পষ্ট যে, ৰাজ্যিক বিজেপিৰ পুৰণি কৰ্মকৰ্তাসকলক মাটি ফুটি ওলোৱা গজালিৰ সৈতে তুলনা কৰিছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । পুৰণি কৰ্মকৰ্তাসকলৰ মনত ক্ষোভ-বেদনা, ত্যাগ আছে আৰু থাকিবই বুলি উল্লেখ কৰি দেউৰীয়ে কয়, "যিসকলে দলটোৰ বেয়া দিনত লগত থাকি আজি এই অৱস্থাত উপনীত কৰালেহি সেইসকলে যদি দলটোৰ ভালৰ দিনত আঁতৰি থাকিবলগীয়া হয় তেনেক্ষত্ৰত সকলোৱে মনত আঘাত পাব ।" দেওবাৰে এই মন্তব্য আগবঢ়ায় বিজেপি বিধায়ক তথা অসম চৰকাৰ ভৈয়াম জনজাতিৰ উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ।

অসম ৰাজ্যিক বিজেপিৰ পুৰণি কৰ্মী ৰাজেন গোহাঁই, সিদ্ধাৰ্থ ভট্টাচাৰ্যই দলটোলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে ক’বলৈ গৈ দেউৰীয়ে কয় যে, দলটোৰ এগৰাকী জ্যেষ্ঠ নেতাৰ দিহা-পৰামৰ্শ আজি দলটো অপ্ৰাসংগিক হৈ পৰিছে ৷ তেওঁ লগতে কয়, "এনেদৰে দল চলালে দল বেছি দিন নচলে । কংগ্রেছৰ ক্ৰমাৎ জনপ্রিয়তা বাঢ়ি গৈ আছে । বিজেপিৰ মন্ত্রী-বিধায়ক সকলোৱে ক্ষোভ-বেদনা কঢ়িয়াই অসন্তুষ্টিৰ মাজেৰে দলটোৰ স্বাৰ্থত মনে মনে আছে । মই তিৱা মানুহ ধৈৰ্য কম, মই কম সকলো কথা । সভাপতিয়ে নিজৰ মতে একো কাম কৰিব পৰা নাই । মোকো প্ৰতাৰণা কৰিছে শীৰ্ষ নেতৃত্বই ।"

দলটোৰ এগৰাকী নিষ্ঠাবান কৰ্মী ৰাজেন গোহাঁয়ে মন্ত্ৰীত্ব পদৰ পৰা পদত্যাগ কৰা বিষয়ে ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা লভাৰ সময়তে মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বক্তব্যই ৰাজ্যিক বিজেপিত নতুন আৰু পুৰণি কৰ্মকৰ্তাসকলৰ মাজত বাদ-বিসম্বাদৰ যে সৃষ্টি হৈছে সেয়া স্পষ্ট কৰি তুলিছে ৷

লগতে পঢ়ক: Rahul Gandhi’s bike ride: লাডাখ যাত্ৰাৰ বাবে ৰাহুল গান্ধীক তাচ্ছিল্যসূচক ধন্যবাদ কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ

ABOUT THE AUTHOR

...view details