অসম

assam

ETV Bharat / state

লাহৰীঘাটত বিজেপি সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা - লাহৰীঘাট বিধানসভা সমষ্টি

বৃহস্পতিবাৰে লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কুশতলিত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন ৷ সভাত সমাগত বিধানসভা নিৰ্বাচনত সকলোৱে সৱল ভুমিকা পালন কৰি বিজেপিক জয়ী কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতি টি ৰাজীৱ আহমেদৰ ৷

bjp minority morcha meeting
লাহৰীঘাটত বিজেপি সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

By

Published : Dec 11, 2020, 9:19 AM IST

ধিং,11 ডিচেম্বৰ : লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কুশতলিত বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈ যায় ৷ সভাত উপস্থিত থাকে বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতি টি ৰাজীৱ আহমেদ, সাধাৰণ সম্পাদক গুলজাৰ হুছেইন, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ছাইফুল ইছলাম, জিলা সভাপতি, বিজেপিৰ জেষ্ঠ কাৰ্যকৰ্তা তথা বিশিষ্ট সমাজসেৱক নুৰুল হুদা, মৰ্চাসমূহৰ সভাপতিসকলৰ লগতে স্থানীয় ৰাইজ ৷

সমাগত বিধানসভা নিৰ্বাচনত লাহৰীঘাট সমষ্টিৰ পৰা বিজিপিয়ে প্ৰাৰ্থীত্ব আগবঢ়াব আৰু সকলোৱে সৱল ভুমিকা পালন কৰি বিজেপিক জয়ী কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতি টি ৰাজীৱ আহমেদে ৷

লগতে পঢ়ক :CAA বলবৎ হ'লে পুনৰ প্ৰতিবাদত বহিব জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details