মৰিগাঁও,২৫ ডিচেম্বৰ :আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন । সমগ্ৰ দেশতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এই বিশেষ দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে । বিজেপি দলেও প্ৰাক্তন নেতাগৰাকীৰ স্মৃতিত দেশজুৰি 'সুশাসন দিৱস'ৰ আয়োজন কৰিছে । তাৰ অংশস্বৰূপে অসম ৰাজ্যিক বিজেপিৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাতে সুশাসন দিৱসৰ উদযাপন কৰা হৈছে ।
মৰিগাঁও জিলা বিজেপিৰ উদ্যোগত আৰু তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ সহযোগতো প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে 'সুশাসন দিৱস' পালন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি জিলা বিজেপিয়ে মৰিগাঁও চহৰৰ দৰিদ্ৰ, বিকলাংগ আৰু বিশেষভাৱে সক্ষম একাংশ লোকৰ বাবে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।
মৰিগাঁও চহৰৰ মাজমজিয়াত থকা দৰিদ্ৰ, বিকলাংগ আৰু বিশেষভাৱে সক্ষম লোকসকলক দুপৰীয়াৰ আহাৰ যোগান ধৰাৰ সমান্তৰালকৈ শীতৰ পৰা পৰিত্ৰাণৰ বাবে গৰম বস্ত্ৰ প্ৰদান কৰে । বিজেপি আৰু তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ এই বিশেষ পদক্ষেপক প্ৰশংসা কৰিছে মৰিগাঁৱৰ জনসাধাৰণে । এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে ।