মৰিগাঁও, 16 ছেপ্তেম্বৰ: কৰ’ণা সন্ত্ৰাসৰ মাজতেই বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব বিশ্ব খনিকৰ শ্ৰী বিশ্বকৰ্মা পূজা । অনুষ্টুপীয়াকৈ হ'লেও সকলোৱে বাবা বিশ্বকৰ্মাক সন্তুষ্ট কৰাৰ বাবে অব্যাহত ৰাখিছে প্ৰস্তুতি । কৰ’ণা ভাইৰাছ,অৰ্থনৈতিক মন্দা অৱস্থাৰ মাজতো এডাল মালা ক্ৰয় কৰাৰ বাবে বিপণী সমূহত দেখা গৈছে ভক্তপ্ৰাণ ৰাইজৰ সমাগম ৷ মৰিগাঁৱৰ চহৰৰ লগতে বিভিন্ন অঞ্চলতো অনুৰূপ দৃশ্য ।
শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ বাবে কোনোবাই যদি ফুলৰ মালা কিনিছে আন কোনোবাই বিশ্বকৰ্মাৰ মূৰ্তি দৰদাম কৰাৰ লগতে পদুম ফুল,কল,কুঁহিয়াৰ,মাহপ্ৰসাদ আদি সামগ্ৰী ক্ৰয় কৰি সাজু কৰি তুলিছে । মুঠৰ ওপৰত কি পুৰুষ,কি মহিলা সকলোৱে শ্ৰী শ্ৰী বিশ্বকৰ্মা বাবাৰ পূজাৰ বাবে বজাৰৰ পৰা নৈবেদ্যৰ সামগ্ৰী ক্ৰয় কৰিছে ।