অসম

assam

ETV Bharat / state

Bishnu Rabha Divas Celebrated in Morigaon : ৫৪ সংখ্যক মৃত্যুতিথিত মৰিগাঁৱত বিষ্ণু ৰাভাক স্মৰণ - Bishnu Rabha day celebrated in Morigaon

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো বিভিন্ন দল-সংগঠনৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় ।

Bishnu Rabha Divas Celebrated in Morigaon
Bishnu Rabha Divas Celebrated in Morigaon

By

Published : Jun 20, 2023, 3:43 PM IST

মৰিগাঁৱত বিষ্ণু ৰাভা দিৱস উদযাপন

মৰিগাঁও, ২০ জুন : মঙলবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক মৃত্যুতিথি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত, বিদ্যালয়-মহাবিদ্যালয়, সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা হয় । লগতে মৰিগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনাৰ মৰিগাঁও জিলা সমিতিৰ লগতে মৰিগাঁও জিলা শিক্ষা বিভাগ, মৰিগাঁও প্ৰশাসনৰ উদ্যোগতো বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ বিস্তৃত কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয় ।

আনহাতে, মৰিগাঁও চাৰণ বিলৰ পাৰত প্ৰাকৃতিক পৰিৱেশত সদৌ অসম কৃষক সংঘৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত পুৱা বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ, গছপুলি ৰোপণ, বিষ্ণু ৰাভা সংগীত, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় । সদৌ অসম কৃষক সংঘৰ কাৰ্যকৰী সভাপতি তথা মৰিগাঁৱৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান জীৱন জেউতি কৃষক সংঘৰ মুখ্য সমন্বয়ক তুলসী ডেকাই সদৰী কৰা অনুসৰি, পুৱা সৈনিক শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে বঘৰা অঞ্চলৰ বিশিষ্ট সমাজসেৱক প্ৰফুল্ল দাসে ।

ইয়াৰ পিছতে কলাগুৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নগাঁও শংকৰ মিছনৰ কাৰ্যবাহী সদস্য দুৰ্গাপ্ৰসাদ ৰাজকুমাৰে । মাল্যার্পণ কৰে পৰিৱেশ সংৰক্ষণ মঞ্চৰ মুখ্য উপদেষ্টা তথা কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক দেবেন দাসে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় সদৌ অসম কৃষক সংঘৰ কাৰ্যবাহী সভাপতি তুলসী ডেকাই । জীৱন জেউতী কৃষক সংঘই আয়োজন কৰা বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত অঞ্চলটোৰ বহুকেইটা জাতীয় সংগঠনৰ সভাপতি, সম্পাদক তথা সদস্য উপস্থিত থাকি সৈনিক শিল্পী তথা কলাগুৰুক শ্ৰদ্ধাঞ্জলি জনায় ।

আনহাতে, এই অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰবক্তাই বিপ্লৱী শিল্পীগৰাকীয়ে জীৱনকালত শোষিত, নিষ্পেষিত হালোৱা-হজোৱা তথা মেহনতী জনতাৰ স্বাধিকাৰ, ৰাজনৈতিক দৰ্শন, সামাজিক দৰ্শনৰ বিষয়ে আলোকপাত কৰি ৰাজ্যৰ সকলো দল-সংগঠনকে সৈনিক শিল্পীগৰাকীৰ আদৰ্শেৰে বাট বুলিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে বিগত বছৰবোৰৰ দৰে এইবাৰো সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও শ্বহীদ ভৱন প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি, ম্যাল্যাপৰ্ণেৰে পালন কৰা হয় বিষ্ণু ৰাভা দিৱস ।

ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভীমবৰ দেউৰী বঁটাপ্ৰাপক তথা বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাতৰ, মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ, সম্পাদক ৰূপজ্যোতি মেধি, অসম সেনাৰ মুখ্য সম্পাদক অতনু কুমাৰ শৰ্মাৰ লগতে কেইগৰাকীগৰাকীও আগশাৰীৰ সামাজিক সংগঠকে ।

লগতে পঢ়ক :Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ

For All Latest Updates

ABOUT THE AUTHOR

...view details