মৰিগাঁও, 18আগষ্টঃ মৰিগাঁৱৰ ৰাজপথত 'শাওনৰ এদিন' শীৰ্ষক অনুষ্ঠান আয়োজন মৰিগাঁৱৰ এজন প্ৰকৃতিপ্ৰেমীৰ ৷ যাৰ পৰশত প্ৰাণ পাই উঠে প্ৰকৃতি ৷ আজৰিৰ সময়ত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপন কৰি নৱ প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে এই লোকজন । চ'ত-ব'হাগ মাহত বনৰীয়া পক্ষীকুলৰ বংশবৃদ্ধিৰ বাবে কৃত্ৰিম বাঁহ সাজি প্ৰকৃতিপ্ৰেমীসকলক উৎসাহিত কৰাৰ সমান্তৰালভাৱে অব্যাহত ৰাখিছে সেউজ বিপ্লৱ ৷ এনেদৰে কৃত্ৰিম বাঁহ সাজি দিয়াৰ ফলত বহু পক্ষীয়ে সেই বাঁহবোৰত কণী পাৰি পোৱালি উলিয়াই বংশ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ।
উল্লেখযোগ্য যে, "বৃক্ষ বন্ধু" সন্মানেৰে বিভূষিত প্ৰকৃতিৰ নিৰলস সাধকজনৰ সোমবাৰে আছিল 43 সংখ্যক ওপজা দিন । মৰিগাঁও তৰাণি কলবাৰীৰ কবি কল্পজ্যোতি শাণ্ডিল্য ওৰফে হিতেশ শৰ্মা । সদায় ব্যতিক্ৰম চিন্তা-চৰ্চাৰে আগবঢ়া এইজন প্ৰকৃতিপ্ৰেমী যুৱকে "শাওনৰ এদিন" শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰি মৰিগাঁও, নগাঁও জিলাৰ পৰা আমন্ত্ৰণ ক্ৰমে অহা বিশিষ্ট কবি, সাংবাদিক, সমাজসেৱক, শিক্ষক-শিক্ষয়ত্ৰী, সামাজিক অনুষ্ঠানৰ বিষয়ববীয়া, শুভাকাংশীক আমন্ত্ৰণ কৰি সকলোকে একোখনকৈ গামোচা, মাস্ক, এটি মহা নিমৰ পুলিৰে আদৰণি জনোৱাৰ লগতে আমন্ত্ৰিত ব্যক্তিসকলৰ জৰিয়তে একোটিকৈ গছপুলি ৰোপণ কৰোৱায় । মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বিৰিঞ্চি কুমাৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰি ভূমিপূজন কৰাৰ পাছতে বাণীবদ্ধ কৰি থোৱা এটি কবিতা শুনাই মূল অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে । মৰিগাঁও-জাগীৰোড পথৰ ঘূলিগাঁৱত 43 জোপা বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ আৰম্ভ কৰে সদৌ অসম কবি সন্মিলনৰ পত্ৰিকা সম্পাদক মদাৰজ্যোতিয়ে ।