মৰিগাঁও, ১৩ মাৰ্চ : উজায়ে আহিলে মাছে কি মগৰে, উজায়ে আহিলে শিহু; কান্ধতে ঢোলেটি, মুখতে পেঁপাটি, পালেহি ব'হাগৰ বিহু । চাওঁতে চাওঁতে অসমীয়াৰ আয়ুসৰেখা স্বৰূপ ব'হাগৰ বিহুটি আকৌ আহিবৰ হ'ল । বিনালে চতুৱা চৰায়ে । কুঁহিপাত মেলিলে গছ-বিৰিখে (Bohag Bihu 2023) । চহা অসমীয়াৰ হেপাঁহ ব'হাগ চমু চাপি অহাৰ লগে লগে গ্ৰামাঞ্চলৰ চহা কৃষক, ৰোৱনী-দাৱনীৰ সমান্তৰালকৈ এইবেলি ৰজাঘৰৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ'ব বিহুৱা-বিহুৱতীৰ সমূহীয়া বিহু প্ৰদৰ্শনৰ বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠান (Assam govt bihu world record show) ।
চৰকাৰীভাৱে উদযাপন কৰিবলগা এই বিহু উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও বিহু বিচাৰক সমিতিৰ নেতৃত্বত দেওবাৰে শতাধিক বিহুৱা-বিহুৱতীৰ উপস্থিতিত অনুষ্ঠিত হয় বাছনি শিবিৰ (selection programme for bihu world record) । মৰিগাঁৱৰ ঐতিহাসিক ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামৰ বাকৰিত দেওবাৰে মেগা বিহু ইভেণ্টক লৈ এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে । বাজিছে ঢোল-পেঁপা-গগনা । পৰিবেশন কৰিছে জাউৰিয়ে জাউৰিয়ে জাতনাম, যোৰানাম (bihu selection programme at morigaon) ।
বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ হকে আগন্তুক ১৪ এপ্ৰিলত তথা হেঁপাহৰ গৰুবিহুত অনুষ্ঠিত হ'বলগীয়া মেগা বিহু ইভেণ্টৰ বাবে দেওবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও ক্ৰীড়া সন্থাৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে নাচনী আৰু ঢুলীয়াৰ বাছনি শিবিৰ (Assam govt mega bihu dance programme) । ইয়াৰ বাবে মৰিগাঁও জিলাৰ বিহুৱা-বিহুৱতীসকল এনেদৰে বাছনি শিবিৰত উপস্থিত হৈ প্ৰদৰ্শন কৰিছে যোগ্যতা । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই ।