মৰিগাঁও, 8এপ্ৰিল:পদুলি মুখত অসমীয়াৰ বাপতি সাহোন ৰঙালী । চাৰিওফালে এতিয়া হেঁপাহৰ বিহুটিক আদৰাৰ ব্যস্ততা । তাঁতশালত ব্যস্ত শিপীনী, বিহুৰ আখৰাত ব্যস্ত মৰিগাঁৱৰ জীয়ৰী-বোৱাৰী ৷
তাঁতশালত মাকোৰ খিটখিটনী শব্দ । মৰমৰ দীঘ চেনেহৰ বানিৰে প্ৰিয়জনৰ বাবে বৈছে হেঁপাহৰ বিহুৱান । লগতে ব্যস্ত হৈ পৰি ঢোল নিৰ্মাতাসকলো । ঢোল চাৱনি দি তৰণি নোপোৱা হৈছে ঢোল নিৰ্মাতাসকল ।