মৰিগাঁও, 8 ছেপ্টেম্বৰ: আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 97 সংখ্যক জন্মবাৰ্ষিকী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলতো উলহ-মালহৰে সংগীতসূৰ্য ভাৰতৰত্ন, ড৹ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰা হৈছে ৷ জিলাখনৰ বিভিন্ন জাতীয় সংগঠন, সংঘৰ সমান্তৰালকৈ মৰিগাঁও চহৰৰ মাজমজিয়াত বহুকেইটা সংগঠনে আয়োজন কৰে জন্মবাৰ্ষিকীৰ অনুষ্ঠান ৷
ইয়াৰ লগত সংগতি ৰাখি মৰিগাঁও চহৰৰ বৰুৱা মাকেটৰ সমীপত সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আয়োজক সমিতি, মৰিগাঁও জিলা সাহিত্য সভা আৰু সাহিত্য সভাৰ ভাতৃ সংগঠন কুঁহিৰ উদ্যোগত গীতৰ এসন্ধ্যা আয়োজন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ শইকীয়াই সুধাকন্ঠৰ জন্মবাৰ্ষিকীৰ উপলক্ষে কেক কাটে। সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সভাপতি ধৰণীধৰ বৰগোহাঁয়ে বন্তি প্ৰজ্বলন কৰি কেক কাটি উদ্ধোধনী ভাষণ দিয়ে ।
এই গীতে-মাতে এসন্ধ্যা কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ বিষয়ববীয়াৰ উপৰিও বহুকেইগৰাকী শিক্ষক সমাজ কৰ্মী তথা সাংস্কৃতিক কৰ্মীয়ে। অনুষ্ঠানটো আঁত ধৰে সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সমিতিৰ সম্পাদক ভদ্ৰেশ্বৰ ডেকাই।