মৰিগাঁও,৪ নৱেম্বৰ:"কাব্যেষু নাটকম ৰম্যম" শীৰ্ষক মন্ত্ৰৰে মৰিগাঁৱৰ অন্যতম নাট্যগোষ্ঠী ৰামধেনুৰ উদ্যোগত অভিজিত মহন্তৰ ৰচনা আৰু পুলেন কাকতিৰ পৰিচালনাত মঞ্চায়ন মহাযজ্ঞ । নিশা অনুষ্ঠিত হোৱা এই ভক্তি ৰসৰ নাটখনিৰ উদ্বোধন কৰে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই । উদ্বোধক দেৱাশীষ শৰ্মাই নাটকখনি উদ্বোধন কৰি দিয়া ভাষণত নাট্যগোষ্ঠীৰ সকলো কৰ্মকৰ্তাক শলাগ লয়(Bhaona performed in Morigaon) ।
এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা আৰু প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা আৰু নাট্যকাৰ, পৰিচালক, লেখক, প্ৰকাশক অৰুণজ্যোতি নাথ । উজনি অসম আৰু মধ্য অসমৰ নাটকীয় কলা সংমিশ্ৰণৰে মঞ্চায়ন কৰা নাটখনি উপভোগ কৰিবলৈ মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সমবেত হয় কেইবা হাজাৰ নাট্যপ্ৰেমী দৰ্শক ।