অসম

assam

কোনো কাৰণতে বিদেশী ন্যায়াধীকৰণলৈ নাযায় NRCত বাদ পৰা হিন্দু বঙালী

By

Published : Sep 20, 2019, 8:32 PM IST

1971 চনৰ আগত অহা আৰু সম্পূৰ্ণ তথ্য পাতি থকা হিন্দু বঙালীৰ নাম এন আৰ চিৰ পৰা বাদ পৰাক লৈ ক্ষুব্ধ বঙালী যুৱ ছাত্ৰ ফেডাৰেচন ৷ কোনো কাৰণতে বিদেশী ন্যায়াধীকৰণলৈ নাযায় হিন্দু বঙালী ৷

কোনো কাৰণতে বিদেশী ন্যায়াধীকৰণলৈ নাযায় এন আৰ চিত বাদ পৰা হিন্দু বঙালী

মৰিগাঁও, 20 ছেপ্টেম্বৰঃ এন আৰ চিত নাম বাদ পৰাক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ শুকুৰবাৰে আক্ৰাছুৱে আহ্বান জনোৱা অসম বন্ধৰ সময়তে মৰিগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত এন আৰ চিত হিন্দু বঙালীৰ নাম বাদ পৰাক লৈ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ সংগঠনটোৰ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন প্ৰতিবাদী শ্ল'গান দিয়াৰ লগতে এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক সমালোচনা কৰে ৷ সংগঠনটোৱে অভিযোগ কৰে যে, প্ৰতীক হাজেলাই ষড়যন্ত্ৰমূলকভাৱে 1971 চনৰ আগত অহা আৰু সম্পূৰ্ণ তথ্য পাতি থকা হিন্দু বঙালীৰ নাম কৰ্তন কৰিছে ৷ সেয়ে অতি শীঘ্ৰে এন আৰ চিত হিন্দু বঙালীৰ নাম অন্তৰ্ভুক্তিৰ দাবী জনাইছে সংগঠনটোৱে ৷ লগতে 71 চনৰ আগত অহা সকলো হিন্দু বঙালীৰ প্ৰয়োজনীয় নথি পত্ৰ আছে আৰু তেওঁলোকে কোনো কাৰণতে বিদেশী ন্যায়াধীকৰণলৈ নাযায় বুলিও স্পষ্ট কৰি দিয়ে সংগঠনটোৱে ৷

আনহাতে গুৰুত্বপূৰ্ণ যে, প্ৰতিবাদস্থলীতে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভতো স্থিতি স্পষ্ট কৰে ৷ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে কোনো কাৰণতে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক মানি নলয় ৷ সংগঠনটোৰ নেতৃবৃন্দই কয় যে, আছুৱে কেব মানি ল'লেও বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে কেব মানি নলয় ৷

কোনো কাৰণতে বিদেশী ন্যায়াধীকৰণলৈ নাযায় এন আৰ চিত বাদ পৰা হিন্দু বঙালী

ABOUT THE AUTHOR

...view details