মৰিগাঁও, 8 জুন : দৰিদ্ৰতাক নেউচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মৰিগাঁও জিলাৰ ভিতৰতে সৰ্বোচ্চ 96.5 শতাংশ নম্বৰ লাভ কৰি উজলিল বৰ্ণালী দেৱী । মৰিগাঁও নটুৱা গাঁৱৰ নেউলাবড়ীৰ মৃদুল নাথ আৰু অংগণবাড়ী সহায়িকা জ্যোতিকা দেৱীৰ কন্যা বৰ্ণালী দেৱীয়ে লাভ কৰিছে সৰ্বমুঠ 597 নম্বৰ । ছাত্ৰী গৰাকীৰ এই সফলতাৰ বাবে উৎফুল্লতি হৈ পৰিছে সমগ্ৰ জিলাবাসী ৷ মানিপুৰ শংকৰদেৱৰ শিশু নিকেতনৰ পৰা এই সফলতা লাভ কৰা বৰ্ণালীয়ে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখিছে ৷
দৰিদ্ৰতাক নেওচি সৰ্বোচ্চ নম্বৰেৰে শীৰ্ষত বৰ্ণালী দেৱী - মৰিগাঁও জিলাৰ ভিতৰতে সৰ্বোচ্চ 96.5 শতাংশ নম্বৰ
মৰিগাঁও নটুৱা গাঁৱৰ নেউলাবড়ীৰ চহা নিবাসী মৃদুল নাথ আৰু অংগণবাড়ী সহায়িকা জ্যোতিকা দেৱীৰ কন্যা বৰ্ণালী দেৱীয়ে লাভ কৰিছে সৰ্বমুঠ 597 নম্বৰ।

ছাত্ৰী গৰাকীয়ে অৰ্জন কৰা এই কৃতিত্বৰ শলাগ জনাবৰ বাবে দেওবাৰে ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হয় মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা, অতিৰিক্ত উপায়ুক্ত এছ শৰ্মা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা ৷ বিষয়া কেইগৰাকীয়ে মেধাবী ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে আৰু অধিক মনোযোগৰে অধ্যয়ন কৰিবৰ বাবে উৎসাহিত কৰে ৷ লগতে প্ৰয়োজনত সহায় সহযোযিগতাৰ বাবে জিলা প্ৰশাসনক জনাবলৈ আহ্বান জনাই জিলা উপায়ুক্ত গৰাকীয়ে ৷ উল্লেখ্য যে, ২০১৯ চনৰ ৰাষ্ট্ৰীয় ভাষা পৰিষদৰ বিশাৰদ পৰীক্ষাত ৰাজ্যৰ ভিতৰে প্ৰথম হোৱাৰ বাবে গণতন্ত্ৰ দিৱসত বৰ্ণালীক পুৰষ্কৃত কৰিছিল শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।