মৰিগাঁও, 28 নৱেম্বৰ : মৰিগাঁৱত সংঘটিত হৈছে বৰযাত্ৰীৰ গাড়ীত আক্ৰমণৰ ঘটনা (Barjatri group attacked) ৷ সোমবাৰে মৰিগাঁৱৰ দলবৰীত অৱস্থিত তেল ডিপোত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হয় (Barjatri vehicle damaged in Morigaon)।
মৰিগাঁৱৰ মায়ং বৰপাকৰ বিবাহযাত্ৰীৰ দলটোয়ে নগাঁৱৰ লাওখোৱাৰ পৰা কইনাক লৈ দৰাঘৰলৈ আহি আছিল । কইনাক লৈ আহি থকাৰ সময়তে সোমবাৰে পুৱতি নিশা মৰিগাঁৱৰ সমীপৰ দলবৰীস্থিত তেল ডিপোটোত তেল বিচাৰি যোৱাত তেল ডিপোৰ কৰ্মচাৰীয়ে দলটোৰ ওপৰত অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
কৰ্মচাৰীসকলে অশ্লীল শব্দ প্ৰয়োগ কৰি বিবাহ যাত্ৰীসকলক অভব্য আচৰণ কৰাৰ লগতে দা লৈ আক্ৰমণ কৰাৰ উপৰিও গাড়ীৰ আইনা ভাঙি বিবাহ যাত্ৰীসকলক মাৰধৰ কৰা বুলি জানিব পৰা গৈছে (Attack on Bridegroom Party in Marigaon)। পৰৱৰ্তী সময়ত ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে । এই ঘটনাৰ পাচতে ৬০ জনীয়া বিবাহযাত্ৰীৰ দলটোৱে মৰিগাঁও সদৰ থানাত(Morigaon Police Station) আশ্ৰয় লয়গৈ ।