অসম

assam

By

Published : Feb 3, 2020, 8:20 PM IST

ETV Bharat / state

মৰিগাঁৱত বেংক লুট : দূৰ্বৃত্তই লুটিলে প্ৰায় ৪০ লাখ টকা

মৰিগাঁৱত দূৰ্বৃত্তই বেংকৰ পৰা লুটি নিলে প্ৰায় 40 লাখ টকা ৷ ইয়াৰ বাবে বেংক কৰ্তৃপক্ষক জগৰীয়া কৰিছে মৰিগাঁৱৰ আৰক্ষী অধীক্ষকে ৷

মৰিগাঁৱত বেংক লুট
ইউনাইটেড বেংক অফ ইণ্ডিয়াত লুট

মৰিগাঁও, ৩ ফেব্ৰুৱাৰী : মৰিগাঁৱৰ ঝাৰগাঁৱত ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ লকাৰ কাটি দূৰ্বৃত্তই লুটিলে প্ৰায় ৪০ লাখ টকা ৷ সমগ্ৰ ঘটনাৰ বাবে বেংক কৰ্তৃপক্ষৰ গাঁফিলতিৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷ উল্লেখ্য যে, ইউ বি আইৰ শাখাটোত দীৰ্ঘদিন ধৰি বিকল হৈ আছিল এলাৰ্ম আৰু চিচি টিভি কেমেৰা ৷

মৰিগাঁৱত বেংক লুট

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে পুৱা প্ৰায় ৯:৩০ বজাত শাখাটোৰ পৰিচালকগৰাকীয়ে বেংকৰ খিৰিকীৰ ৰড বেকা হৈ থকা বুলি অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও আৰক্ষী অধীক্ষক ৷ ইয়াৰ পাচতে আৰক্ষীয়ে ঘটনাস্থলীত স্নিফাৰ ডগেৰে প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷ কোনো ধৰণৰ নৈশ চকীদাৰ নথকা শাখাটোত ইমান পৰিমাণে টকা ৰখাটো উচিত নহয় বুলি মন্তব্য কৰাৰ লগতে এলাৰ্ম আৰু চিচি টিভি কেমেৰা বিকল হোৱাত শাখাটোৰ পৰিচালক আৰু বেংক কৰ্তৃপক্ষৰ গাফিলতিৰ কথা দোহাৰে আৰক্ষীয়ে ৷

আৰু পঢ়ক : চাকৰি সৃষ্টি কৰাত মোডী চৰকাৰ 'বেয়াকৈ' বিফল হৈছে : ৰাহুল গান্ধী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details