অসম

assam

ETV Bharat / state

মৰিগাঁৱত ভয়ংকৰ জালিয়াতি, 40 জন কৃষকৰ নামত আত্মসাৎ 22 লাখ টকা ! - মৰিগাঁৱত বেংক দালালৰ দপদপনি

মৰিগাঁৱৰ ভূৰবন্ধা UBI বেংকত দলালৰাজ ৷ চৰকাৰী সাহায্যৰ নামত 40 জন কৃষকৰ নামত আত্মসাৎ ধন ৷ কে চি চি ঋণৰ নামত আত্মসাৎ 22 লাখ টকা ৷ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷

মৰিগাঁৱত ভয়ংকৰ দুৰ্নীতি
40 জন কৃষকৰ নামত আত্মসাৎ 22 লাখ টকা

By

Published : Nov 28, 2019, 8:53 AM IST

মৰিগাওঁ, 28 নৱেম্বৰ: সেৱাৰ বাবে নহয় ।দৰিদ্ৰ কৃষক-গ্ৰাহকক প্ৰতাৰণাৰ বাবেহে যেন মৰিগাঁৱৰ ভূৰবন্ধাৰ UBI বেংক শাখা । পোহৰলৈ আহিছে দালালৰাজৰ ন-ন অধ্যায় । ফাদিল প্ৰৱঞ্চনাৰ ধাৰাবাহিক দস্তাবেজ ।

40 জন কৃষকৰ নামত আত্মসাৎ 22 লাখ টকা

পুনৰ বিৰ্তকৰ আওতালৈ মৰিগাঁৱৰ ভূৰবন্ধা UBI বেংক ৷ মৰিগাঁৱৰ ভূৰবন্ধা UBI বেংকত চলিছে এতিয়া দলালৰাজ । ইদ্ৰিছ আলিনামৰ এক প্ৰৱঞ্চকৰ মহাপ্ৰৱঞ্চনাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে পুনৰ পোহৰলৈ আহিছে ভয়ংকৰ জালিয়তি ৷ দুখীয়া অসহায় 40 গৰাকী কৃষক পৰিয়ালক প্ৰৱঞ্চনা দালাল মেহেৰ উদ্দিনৰ ৷ হিতাধিকাৰীৰ জ্ঞাত অবিহনেই কে চি চি ঋণৰ নামত আত্মসাৎ কৰিলে 22 লাখ টকা ৷

বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত পটোৱাকাটা গাঁৱৰ মেহেৰ উদ্দিন নামৰ দালালটোৱে জালিয়াতিৰে 40 জন কৃষক হিতাধিকাৰীৰ পৰা চৰকাৰী সাহায্য দিয়াৰ প্ৰলোভনৰে ভোটাৰ আই ডি, পানকাৰ্ড আদি লৈ ভূৰবন্ধাৰ UBI বেংকত জমা দিছিল । তাৰ কেইদিন মান পাচতেই মেহেৰ উদ্দিনে 40 জন দুখীয়া কৃষক হিতাধিকাৰীক দুহেজাৰ টকাকৈ ঘৰত দিয়াৰ সময়তে পোহৰলৈ আহে সমগ্ৰ জালিয়াতি ।

হিতাধিকাৰীৰ অভিযোগ মতে 2014 চনৰ পৰা বিত্তীয় প্ৰতিষ্ঠানটোত কৰ্মৰত এই প্ৰৱঞ্চকটোৰ বেংকৰ বিষয়াৰ সৈতে গোপন বুজাবুজিৰ বাবেই কে চি চি ঋণৰ নামত মোকলাই নিব পাৰিছে প্ৰায় 22 লাখ । আশ্চৰ্যজনক যে 40 জন হিতাধিকাৰীক আন্ধাৰত ৰাখি সমুদায় টকা আত্মসাৎ কৰি হিতাধিকাৰীৰ পৰা দলিলত 18 টাকৈ চহী কৰিবলগীয়া হোৱাত সন্দেহ হয় ৰাইজৰ । পিছত গাওঁ বুঢ়াৰ কাষ চপাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ওৰহি গছৰ ওৰ ওলোৱাৰ পাছত আৰক্ষীক অৱগত কৰাত ঠগ প্ৰৱঞ্চক মেহেৰ উদ্দিনক গ্ৰেপ্তাৰ কৰি লাহৰীঘাট থানাত গ্ৰেপ্তাৰ কৰি 412/19 নং গোচৰ ইউ এচ 420/406 ধাৰাত পঞ্জীয়ন কৰি মহাপ্ৰৱঞ্চক মেহেৰ উদ্দিনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

অৱশ্যে এই সন্দৰ্ভত UBI বেংক শাখাটোৰ পৰিচালকাই ৰহস্যজনক ভাৱে বিষয়টোৰ আঁতৰি থাকিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে । ইয়াৰ বিপৰীতে বিয়লি বেংকৰ ভিতৰত সাধাৰণ গ্ৰাহক ৰাইজৰ প্ৰৱেশ নিষিদ্ধ কৰি মূল গেটত তলা লগায় দিয়ে । এতিয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব এই ঘটনাৰ লগত আন কোনো জড়িত হৈ আছে নে নাই ৷

লগতে চাওক-নাৰেংগী সেনা শিবিৰৰ কেণ্টিনত গ্ৰাহকৰ ৰূপত বনৰীয়া হাতী

ABOUT THE AUTHOR

...view details