মৰিগাঁও, ৯ ডিচেম্বৰ:ন্যায়ালয়ৰ বাধাৰ বাবে বন্ধ হৈ থকা অসমৰ পৰম্পৰাগত ম'হযুঁজ পুনৰ আৰম্ভ কৰাৰ বাবে শুকুৰবাৰে ৰাজ্যিক কেবিনেটে জনাইছে অনুমোদন ৷ শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰাৰ পিচতেই উৎফুল্লিত হৈছে ম'হ গোৱালসকল । শুক্ৰবাৰে অসম চৰকাৰৰ কেবিনেটত মাঘ বিহু উপলক্ষে পৰম্পৰাগত ম'হ যুঁজ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণৰ পিচতে মৰিগাঁৱত ম'হ গোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
সুদীৰ্ঘ আঠ বছৰে ম'হযুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বাধাৰ বাবে মুকলি মনেৰে অনুষ্ঠিত কৰিব পৰা নাছিল পৰম্পৰাগত গোণা ম'হৰ যুঁজ । পিছে শুক্ৰবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠকত ম'হযুঁজ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত অসম চৰকাৰক প্ৰশংসাৰে উপচাই দিছে ম'হৰ মালিক তথা গোৱালসকলে ।
মধ্য অসমৰ বিভিন্ন ম'হযুঁজ সমিতিৰ বিষয়ববীয়াই আনন্দ প্ৰকাশ কৰি গ্ৰহণ কৰা এই ঐতিহাসিক সিদ্ধান্তক আদৰণি জনাইছে । উচ্চতম ন্যায়ালয়ে ম'হযুঁজ অবৈধ বুলি ঘোষণা কৰাৰ পিছতেই ম'হ গোৱালসকলৰ ম'হযুঁজ অনুষ্ঠিত কৰাৰ আশাত পৰিছিল চেঁচা পানী । ক'ভিড পৰিস্থিতিৰ পিচৰে পৰা ন্যায়ালয় বাধা আৰোপ থকাৰ বাবে মনৰ হেঁপাহৰ জোখাৰে পৰম্পৰাগত যুঁজ অনুষ্ঠিত কৰিব পৰা নাছিল মধ্য অসমৰ বিভিন্ন ম'হযুঁজ থলীত ।