অসম

assam

By

Published : Oct 8, 2020, 10:35 PM IST

ETV Bharat / state

মৰিগাঁৱত আদৰ্শ গাঁৱক লৈ সজাগতামূলক কাৰ্যসূচীৰ আয়োজন

মৰিগাঁৱৰ লাহৰীঘাট,ভূৰবন্ধা আৰু মায়ং উন্নয়ন খণ্ডৰ 6 খনকৈ গাঁৱক ‘আদৰ্শ গাঁও’ ৰূপে নিৰ্বাচিত কৰাৰ পাচতে বৃহস্পতিবাৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি জিলা প্ৰশাসনৰ । আগন্তুক 10 অক্টোবৰলৈ এলানি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

Awarness program for Model Village in Morigaon
মৰিগাঁৱত আদৰ্শ গাঁৱক লৈ সজাগতামূলক কাৰ্যসূচীৰ আয়োজন

মৰিগাঁও,8 অক্টোবৰ: মৰিগাঁৱত বৃহস্পতিবাৰে ক’ভিড প্ৰট’কল মানি অসম আদৰ্শ গাঁও যোজনা আঁচনিৰ সজাগতা সভা আয়োজন ৷ উল্লেখ্য যে,অসম চৰকাৰৰ 'অসম আদৰ্শ গাঁও যোজনা' শীৰ্ষক আঁচনিৰ অংশস্বৰূপে মৰিগাঁও বিধান সভা সমষ্টিৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ বৰঙাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰূপহীবড়ি আৰু দীঘলবড়ি গাঁও পঞ্চায়তৰ বাখৰবড়ী,জাগীৰোড বিধানসভা সমষ্টিৰ মায়ং উন্নয়ন খণ্ডৰ বুৰগাঁও গাঁও পঞ্চায়তৰ 1নং বুৰগাঁও,বাঘজাপ গাঁও পঞ্চায়তৰ বাংফৰ আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ লাহৰীঘাট খণ্ড উন্নয়নৰ অন্তৰ্গত লাউভূৰুংগা আৰু বড়িবন্ধাকে ধৰি জিলাখনৰ 6 খনকৈ গাঁও ‘আদৰ্শ গাঁও’ হিচাপে নিৰ্বাচিত হৈছে ।

মৰিগাঁৱত আদৰ্শ গাঁৱক লৈ সজাগতামূলক কাৰ্যসূচীৰ আয়োজন

সেই উদ্দেশ্যেৰে ৰাইজক অৱগত কৰাৰ বাবে বৃহস্পতিবাৰৰ পৰা জিলা প্ৰশাসনে আগন্তুক 10 অক্টোবৰলৈ এলানি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে । ভূৰবন্ধা উন্নয়ন খণ্ডৰ ৰূপহীবড়ি আৰু বাখৰবঢ়ি গাঁৱত উপস্থিত হৈ জিলা উপায়ুক্ত লীনা দাসে সজাগতা সভাখনৰ শুভাৰম্ভণি কৰে ।

আঁচনিখনৰ মূল লক্ষ্য হিচাপে গাঁওখনত উন্নত বাট পথ,উন্নত স্বাস্থ্য,শৈক্ষিক উত্তৰণ,ৰাজহুৱা পৰিৱেশ উন্নীতকৰণৰ লগতে গাঁওসমূহৰ ঐতিহ্য আৰু পৰম্পৰা সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ আদি দিশ সামৰি লোৱা হ’ব বুলি জিলা উপায়ুক্ত গৰাকীয়ে সদৰি কৰে । উদ্বোধনী কাৰ্যসূচীত সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে জিলা জ্যেষ্ঠ প্ৰকল্প বিষয়া ভূবন চন্দ্ৰ ডেকা প্ৰমুখ্যে স্থানীয় ৰাইজে অংশ লয় ।

লগতে পঢ়ক:বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ সৈতে হাত মিলালে চিপিআই(এম)য়ে

ABOUT THE AUTHOR

...view details